গুৱাহাটীঃ মহানগৰীৰ পাণ্ডুত নাহৰফুটুকীৰ সন্ত্ৰাস। নাহৰফুটুকীৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হৈছে এগৰাকী মহিলা। আহত মহিলাগৰাকী অঞ্জু ভট্টাচাৰ্য। অঞ্জু ভট্টাচাৰ্যক জি এম চি এইচত ভৰ্তি কৰোৱা হৈছে।

বৰ্তমান এজোপা কঁঠাল গছত আশ্ৰয় লৈ আছে নাহৰফুটুকীটো। নাহৰফুটুকীটো চাবলৈ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে। ঘটনাস্থলীত চি আৰ পি এফ বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠী চাৰ্জ কৰাও পৰিলক্ষিত হৈছে।

লগতে পঢ়কঃনৃশংস:মানসিক বিকাৰগ্ৰস্ত লোকক মৰিয়াই মৰিয়াই হত্যা কৰিলে দুই যুৱকে

ইতিমধ্যে বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ চিৰিয়াখানাৰ পৰা এটা দল ঘটনাস্থলীত উপস্থিত হৈছেহি। পুৱা ৬বজাতে বনবিভাগক খবৰ দিয়াৰ পাছতো তিনিঘন্টাৰ পাছতহে বনবিভাগৰ ট্ৰেংকুলাইজ কৰা দল উপস্থিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply