গুৱাহাটীঃ বেলতলাৰ জয়ানগৰত নতুনকৈ নিৰ্মাণ কৰা পুথিভঁৰালৰ শুভ উদ্বোধন। পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভণি কৰা হয় পুথিভঁৰালটিৰ উদ্বোধনী কাৰ্যসূচীৰ।

সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ অন্যতম উপশাখা বেলতলা ছাত্ৰ সন্থাই নিৰ্মাণ কৰিছে পুথিভঁৰালটিৰ।

সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইনে পতাকা উত্তোলন কৰি পুথিভঁৰালটিৰ উদ্বোধনী কাৰ্যসূচীৰ আৰম্ভণি কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই উদ্বোধন কৰে পুথিভঁৰালৰটিৰ।

লগতে পঢ়কঃঅনুষ্টুপীয়াকৈ আয়োজন কৰা জোনবিল মেলাৰ আজি দ্বিতীয় দিন

পুথিভঁৰালৰটিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যক এক সাংস্কৃতিক শুভযাত্ৰা উলিয়াই আদৰি অনা হয়।

অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বেলতলা ছাত্ৰ সন্থাই পুথিভঁৰালৰটিৰ নিৰ্মাণ কৰিছে।

পৰৱৰ্তী সময়ত পুথিভঁৰালৰটিত কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ বাবেও বিভিন্ন প্ৰকাৰৰ কিতাপ এই পুথিভঁৰালটিত উপলদ্ধ হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply