গুৱাহাটী : এটা সময়ত মছজিদত ২০ জন লোকেহে নামাজ পঢ়িব পাৰিব। ইফটাৰৰ সময়তো মছজিদত উপস্থিত থাকিব নোৱাৰিব অধিক লোক। গুৱাহাটীত গ্ৰহণ কৰা হৈছে এই বিশেষ সিদ্ধান্ত। গুৱাহাটী মছজিদ কমিটিয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

দেশৰ লগতে অসমতো প্ৰতিদিনে বৃদ্ধি পাইছে কভিড আক্রান্ত লোকৰ সংখ্যা। কভিড দ্বিতীয় ঢৌৱে দেশৰ কেইবাখনো ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰাত অসমত যাতে তেনে পৰিস্থিতিৰ সৃষ্টি নহয় ইয়াৰ বাবে কঠোৰ হৈছে চৰকাৰ থকা জিলা প্ৰশাসন।

অসমত কভিড সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মছজিদ কমিটিও গ্ৰহণ কৰিছে কিছুমান বিশেষ সিদ্ধান্ত। গুৱাহাটী মছজিদ কমিটিয়ে মছজিদত নামাজ পঢ়াৰ ক্ষেত্ৰত কিছুমান বাধ্য-বাধকতা আনিছে। মছজিদ কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এটা সময়ত মছজিত কেৱল মাত্ৰ ২০ জন লোকেহে নামাজ পঢ়িব পাৰিব।

ইফালে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ৰমজান মাহ চলি থকাৰ বাবে মছজিদ সমূহত ইফটাৰ সময়ত বহু লোক উপস্থিত হয়। সেইহে মছজিদ কমিটিয়ে ইফটাৰ সময়ত মছজিদত অধিক লোক উপস্থিত থাকিব নোৱাৰিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্য যে অসমত বৃহস্পতিবাৰৰ দিনটোত ১,৯৩১ জন লোকৰ শৰীৰত নতুনকৈ কভিডৰ অৱস্থিতি ধৰা পৰিছিল। বৃহস্পতিবাৰে ৰাজ্যত কভিড পৰীক্ষা কৰা হৈছিল ৭৩,৪২৮ জন লোকৰ। বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাত নতুনকৈ কভিডত আক্রান্ত হৈছিল ৬৮০ জন লোক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply