গুৱাহাটীঃ পুনৰ শৰাইঘাট দলঙত অঘটন। নতুন শৰাইঘাট দলঙৰ ওপৰত গাড়ী ৰাখি যুৱক নিৰুদ্দেশ। যুৱকজনে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে যুৱকজনৰ এল্ট’ গাড়ীখন জব্দ কৰিছে। জব্দ কৰা গাড়ীখনৰ নম্বৰ এ এছ ০১ ডি এছ ৯৫৩৩। আৰক্ষীয়ে যুৱক জনৰ ম’বাইল, মানীবেগ আৰু ড্ৰাইভিং লাইচেন্সো উদ্ধাৰ কৰিছে৷ গাড়ীৰ ভিতৰত উদ্ধাৰ হোৱা নথি-পত্ৰৰ পৰা যুৱকজন মহানগৰীৰ ৰূপনগৰৰ নয়নজ্যোতি তালুকদাৰ বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃনৰ্থ ইষ্ট কেন্সাৰ হস্পিতালত ৰোগীৰ আত্মহনন

পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে যুৱকজনৰ সন্ধানত অনুসন্ধান চলাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply