গুৱাহাটী– নির্বাচনৰ দিন সমাগত। এতিয়া সমগ্র ৰাজ্যৰ লগতে মহানগৰীতো উঠিছে টকাৰ উজান ৷ নির্বাচনী বিধি উলংঘা কৰা সকলৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে প্ৰশাসন।
সোমবাৰে আৰক্ষী আৰু ফ্লায়িং স্কোৱাডৰ এটা গোটে মহানগৰীৰ বিভিন্ন প্রান্তত অভিযান চলাই জব্দ কৰে ১৩.৩৩ লাখ টকা ৷ একাংশ লোকে নির্বাচনী বিধি উলংঘাৰে টকা সৰবৰাহ কৰি আহিছে৷
জালুকবাৰীৰ পৰা আৰক্ষী আৰু ফ্লায়িং স্কোৱাডৰ লোকে অভিযান চলাই জব্দ কৰে ১.১৪ লাখ টকা।
গণেশগুৰিৰ পৰা আৰক্ষীয়ে জাহাংগীৰ আলম নামৰ এজন লোকৰ পৰা ১ লাখ টকা ৷ জালুকবাৰীৰ পৰা এজন লোকৰ পৰা ২.১৪ লাখ টকা জব্দ কৰে আৰক্ষীয়ে ৷
আনহাতে গড়চুক আৰক্ষীয়ে পামহীৰ মইনা খোৰোং তিনিআলিৰ পৰা পলাশবাৰীৰ গৌতম দাস নামৰ এজন লোকৰ পৰা জব্দ কৰে ৯.৫ লাখ টকা। গড়চুক থানাৰ ভাৰপ্রাপ্ত বিষয়া নিৰঞ্জন বৰুৱাৰ নেতৃত্বত এই অভিযান চলিছিল। আৰক্ষীয়ে টকাখিনি জব্দ কৰি ফ্লায়িং স্কোৱাডক গতাই দিয়ে ৷