স্মৃতা ৰয়

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত তিনিটা ৱাৰ্ডতে বি জে পি প্ৰাৰ্থীয়ে বিনাপ্ৰতিদ্বন্দিতাৰে জয় লাভ কৰিছে। পৌৰ নিগম নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ শেষ দিনটোত কংগ্ৰেছ, আপ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ ফলত পৌৰ নিগমৰ তিনিটা ৱাৰ্ডত বিজেপিৰ তিনিগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে ৷

৪ নং ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়োৱা কংগ্ৰেছ, আপ আৰু নিৰ্দলীয় প্ৰাৰ্থী তিনিগৰাকীয়ে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰাৰ ফলত বিজে পিৰ প্ৰাৰ্থী সঞ্জয় দাসে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে । আনহাতে ৬ নং ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়োৱা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰাৰ ফলত বিজে পিৰ প্ৰাৰ্থী সুতাপা সৰকাৰে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰে ।


পৌৰ নিগমৰ ২২ নং ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়োৱা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰাৰ ফলত বিজেপিৰ প্ৰাৰ্থী স্মৃতা ৰয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰে । উল্লেখ্য পৌৰ নিগমৰ মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৩ টা ৱাৰ্ডত বি জে পি আৰু ৭ টা ৱাৰ্ডত অগপ দলে মনোনয়ন পত্ৰ দাখিল কৰিছিল ।

সেইদৰে কংগ্ৰেছ দলৰ ৫৯ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল । ইয়াৰে এজনৰ মনোনয়ন পত্ৰ বাতিল হোৱাৰ বিপৰীতে তিনিগৰাকীয়ে মনোমনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে । অহা ২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ এতিয়া ৫৭ টা ৱাৰ্ডৰ নিৰ্বাচনত ২০০ গৰাকী প্ৰাৰ্থীৰ মাজত অহা ২২ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply