গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ছজন নিৰীক্ষক আৰু এগৰাকী বিশেষ নিৰীক্ষকক নিয়োগ কৰিছে ৷ অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ভাৰতীয় বন সেৱা (অৱসৰপ্ৰাপ্ত) বিষয়া, লক্ষ্ণৌৰ আৰ এম ডুবেক বিশেষ নিৰ্বাচনী নিৰীক্ষক হিচাপে নিয়োগ কৰিছে ৷ তেওঁৰ ফোন নম্বৰ হৈছে-৯৪৩৫০-৬৭৬৯০। ৩১ মাৰ্চত অসমত উপস্থিত হ’ব ডুবে।
ইয়াৰ বিপৰীতে ৱাৰ্ড অনুসৰি নিয়োগ কৰিছে ছজন নিৰ্বাচনী নিৰীক্ষকক।
ৱাৰ্ড নং ১-১০ লৈ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী, ফোন নম্বৰ-৯৪৩৫১-৮৬৩২২
ৱাৰ্ড নং ১১-২০ লৈ ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ যুটীয়া সচিব ভাস্কৰজ্যোতি মান্তা, ফোন নম্বৰ-৯৩৬৫৮-২৩১৫২
ৱাৰ্ড নং ২১-৩০ লৈ সমাজ কল্যাণ বিভাগৰ যুটীয়া সচিব গৌৰীশংকৰ শৰ্মা, ফোন নম্বৰ ৯৪৩৫০-৮৩১৮৬ ৷
ৱাৰ্ড নম্বৰ ৩১-৪০ লৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যুটীয়া সচিব আৰু জলজীৱন মিছনৰ অতিৰিক্ত মিছন সঞ্চালক মৃদুল কুমাৰ দাস, ফোন নম্বৰ-৯৪৩৫১-৫৮৮২২
ৱাৰ্ড নম্বৰ ৪১-৫০ লৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উপ সচিব অনন্ত কুমাৰ গগৈ, ফোন নম্বৰ ৮৪৭৪৮-৭৮৫৬৪
ৱাৰ্ড নম্বৰ ৫১-৬০ লৈ পৰিবহণ বিভাগৰ উপ সচিব আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সচিব গুণজিৎ ৰায় চৌধুৰী, ফোন নম্বৰ হৈছে ৯৪৩৫০-৫৮৯২০ ৷
এই সকল বিষয়াক নিজৰ ওজৰ আপত্তি জনাব পাৰিব বুলি নিৰ্বাচন আয়োগৰ সুত্ৰই জানিবলৈ দিয়ে।