গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনকলৈ বিভিন্ন ৰাজনৈতিক দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছ সভাপতি ভূপেন বৰাই সাত বিহুৰ মাজতে নিৰ্বাচন পাতিবলৈ লোৱা চৰকাৰৰ অসমীয়া প্ৰীতিক লৈ প্ৰশ্ন উৎথাপন কৰিছে।
ৰাইজৰ খং দেখি বিজেপিয়ে এতিয়া নিৰ্বাচন পিছুৱাবলে দাবী জনাইছে বুলি কটাক্ষ কৰিছে ভুপেন বৰাই। নিৰ্বাচন নিপিছুৱালে গণতান্ত্ৰিক ব্যৱস্থা লোৱাৰ ভাবুকি দিলে কংগ্ৰেছ সভাপতি গৰাকীয়ে।


বিজেপিৰ ফালৰ পৰা সাত বিহুৰ মাজত নিৰ্বাচন পতা বিষয়টোক লৈ এখন স্মাৰক পত্ৰ দি পিছুৱাবলৈ অনুৰোধ জনাইছে। ৰাজনৈতিক দল সমূহে প্ৰতিবাদ জনোৱাৰ পিছতো গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পিছুওৱাৰ সম্ভাৱনা ক্ষীণ। খুব বেছি এটা দিন পিছুৱাব পাৰে নিৰ্বাচন।


সাত বিহুৰ মাজত ১৯ এপ্ৰিলত ভোটদান অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে আয়োগে। নিৰ্বাচনৰ ভোট গণনা হ’ব ২১ এপ্ৰিলত। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ই ভি এমত ভোটদান হ’ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। নিৰ্বাচনী অধিসূচনা জাৰি কৰিছে।

নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ নিৰ্বাচনৰ প্ৰচাৰ চলোৱাত বাধা প্ৰদান কৰা হৈছে। গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত ৭ লাখ ৯৬ হাজাৰ ৮২৯ জন ভোটাৰে ভোটদান কৰিব। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ কেৱল মাত্ৰ ৩০ জন নেতাই প্ৰচাৰ চলাব পাৰিব বুলি কোৱা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply