গুৱাহাটীঃ মহানগৰীৰ ৬১খন নাৰ্ছিং হোমলৈ জাননী জাৰি গুৱাহাটী পৌৰ নিগমৰ। নীতিবহিভূত ভাৱে মহানগৰীত বহু বিল্ডিং নিৰ্মাণ কৰাৰ অভিযোগ গুৱাহাটী পৌৰ নিগমৰ। দুমহলীয়া বিল্ডিঙৰ অনুমতি লৈ লৈ নাৰ্ছিং হোমে নিৰ্মাণ কৰিছে ৫মহলীয়া অট্টালিকা। নিয়ম নামানি অবৈধভাৱে নিৰ্মাণ হৈছে বহু বিল্ডিং, বহু নাৰ্ছিং হোম।

পৌৰনিগমৰ আয়ুক্ত দেবাশিষ শৰ্মাই জনোৱা মতে গুৱাহাটীত পঞ্জীয়ন হৈ থকা ৬৪ খন নাৰ্ছিংহোমৰ অধিকাংশই নীতিবহিভূত ভাবে বিল্ডিং সমূহ বনাইছে | দুমহলীয়া ঘৰৰ অনুমতি লৈ ৪/৫ মহলীয়া বনাইছে | যাৰ ফলত পৌৰ নিগমে পাব লগীয়া ৰাজহ পোৱা নাই | ইতিমধ্যে ৩০ খন নাৰ্ছিং হোমৰ সৈতে আলোচনা হৈছে | বিভাগৰ ফালৰ পৰা পৰ্যালোচনা কৰি এই বিল্ডিং সমূহৰ নতুন নিৰিখৰ বাবে যোজা চলাইছে | কেৱল নাৰ্ছিং হোমেই নহয় মহানগৰী খনত বহু ঘৰ অনুমতি বিহীন ভাবেই নিৰ্মাণ কৰিছে | সেইবোৰৰ ওপৰতো ব্যবস্থা লোৱা হ’ব বুলি পৌৰনিগমৰ আয়ুক্ত গৰাকীয়ে জনায়।

লগতে পঢ়কঃডিফুত চোৰাং কাঠ উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply