এতিয়া সকলো ব্যস্ত পৌৰ নিগমৰ নিৰ্বাচনক লৈ । সকলো দলৰে নেতা কৰ্মীৰ প্ৰতিশ্ৰুতিৰ বন্যা। যোৱা সময় চোৱাত নূন্যতম সা সুবিধা খিনিও দিয়াত ব্যৰ্থ পৌৰ নিগম।
যোৱা ৬টা বছৰে গুৱাহাটীবাসীৰ খোৱাপানীৰ সমস্যা আদিৰ স্থায়ী সমাধানসূত্ৰ উলিওৱাত ব্যৰ্থ চৰকাৰ খনে বিজেপি চৰকাৰে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰি আছে বুলি প্ৰচাৰ চলাইছে। গুৱাহাটীক এখন মেগা চিটী হিচাপে গঢ় দিয়াত বিজেপি নেতৃত্বাধীন ডাবল ইঞ্জিন চৰকাৰেই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে । এতিয়া গুৱাহাটী যাতায়াত-যোগাযোগৰ এক শক্তিশালী প্ৰাণকেন্দ্ৰ হৈ পৰিছে । ভৱিষ্যতে গুৱাহাটী দেশৰ এখন আগশাৰীৰ আৰু জাকত-জিলিকা চহৰ হিচাপে গঢ়ি উঠাটো নিশ্চিত বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাৰে প্ৰচাৰ কয় । কিন্তু গুৱাহাটীবাসীৰ নিজা উপলব্ধি কি । তেওলোকে কি ক’লে ইষ্টম’জ’ৰ সেই সম্পৰ্কে জানো আহক।

ৰূপনগৰৰ ৱাৰ্ড নং ২৮ৰ ভোটাৰ সকলৰ প্ৰধান সমস্যা হ’ল বিগত দিনৰ পৰা দেখা দিয়া পানীৰ নাটনি । প্ৰত্যেক দিনাই ৱাৰ্ডটোৰ বাসিন্দাই খোৱা পানী কিনিবৰ বাবে হাৱাথুৰি খাই ফুৰিব লগা হৈছে। ৱাৰ্ডটোৰ বাসিন্দা জুন্তি গগৈ হাজৰিকা নামৰ এগৰাকী গৃহিণী যে জানিবলৈ দিয়া মতে “ বিজেপি চৰকাৰ অহাৰ পাছত বহু খিনি মানুহৰ কিছু সমস্যাৰ সমাধান লাভ কৰিছে যদিও সেই অঞ্চলটোৰ লোক সকলে খোৱা পানীৰ নামত সদায় দৌৰা দৌৰি কৰিব লগীয়া হৈছে, উপাই নোহোৱাত তেখেত সকলে পানী কিনি খাবলৈ ধৰিছে । যদিও দৈনিক বস্তুৰ মূল্যবৃদ্ধি হোৱাত তেওঁ লোকৰ জীৱন স্তব্ধ কৰি তুলিছে । তেখেতৰ মতে ৰাস্তা পদূলি , উৰণীয়া সেঁতু এইবোৰ মানুহৰ যাতায়তৰ বাবে চৰকাৰে বনাই আছে ঠিকেই কিন্তু, গুৱাহাটী খনত তাত কৈ ডাঙৰ সমস্যা হৈ উঠিছে খোৱা পানীৰ অভাৱ, সেই ক্ষেত্ৰত চৰকাৰে যিমান সোনকালে পাৰে কান সাৰ দিয়াটো উচিত, নহলে আহিব লগা দিন বোৰত মানুহে খোৱা পানী খিনিৰ বাবে ৰাস্তাত হৰতাল কৰিব লগীয়া হ’ব । তাৰ সমান্তাৰালভাৱে তেখেতে জানিবলৈ দিয়ে যে খোৱা লগীয়া পানী খিনি কিনি খোৱাৰ বাহিৰে বাকী কামবোৰত ব্যৱহাৰ হোৱা পানী খিনি ওচৰৰ এটা পুখুৰীৰ পৰা বিগত দিন বোৰত শাৰী পাতি আনিছিল কিন্তু সেই পুখুৰীটোৰো নতুন এটা প্ৰকল্পৰ কাম চলি থকাৰ বাবে সেই সুবিধা খিনি বন্ধ হৈ পৰিছে”, তেনে অৱস্থাত ৱাৰ্ডটোৰ ৰাইজে প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্রাথীৰ কেইজনৰ ওপৰত সমাধান কৰিব বুলি আশাবাদী ।

ৱাৰ্ড ৩২

দিছপুৰ সমষ্টিৰ অন্তৰ্গত চন্দন নগৰ, বৰ মটৰিয়াৰ ৱাৰ্ড নং ৪৫ অঞ্চলটো নগৰ খনৰ একেবাৰে মাজ মজিয়াত অৱস্থিত হয় যদিও সেই ঠাইৰ ভোটাৰ খিনিযে চৰকাৰৰ আঁচনী বোৰৰ সুবিধা পোৱা নাই। পৌৰ নিগমে যোৱা কেইবাবছৰত কৰা অৱহেলাৰ কথা জানিবলৈ দি সমষ্টিটোৰ ৰেহনা চুলতানা নামৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে কয় “ চৰকাৰে ঘৰে ঘৰে খোৱা পানীৰ যোগান দিয়া যি সপোন ৩/৪বছৰৰ আগতে দেখুৱাইছিল সেই যোগান ধৰা পানীৰ পাইপ সমূহ তেনেকেই পৰি ৰৈছে কিন্তু আজি দিনলৈকে পানীযোগানৰ সুবিধা পোৱা নাই। লগতে অঞ্চলটোৰ এটা মুকলি স্থানত দিনে দিনে হৈ উঠা জাবৰৰ দ’ম টোৰ কথাক লক্ষ্য কৰি কয় যে, যদি পৌৰ নিগমৰ জাবৰ কঢ়িওৱা গাড়ী খন যদি নিতৌ আহিলে হয় তেন্তে এনে বোৰ অৱস্থাৰ সন্মুখীন সেই মানু্হ খিনিযে ভুগিব লগা নহল হয় ।” ঠিক সেই দৰেই অঞ্চলটোৰ নৰ্দমা বোৰত ৰৈ যোৱা জাবৰৰ দমে কৃত্ৰিম বানৰ কাৰণ হৈ উঠিছে । এইবোৰ ক্ষেত্ৰত নতুন সদস্য গৰাকীয়ে কেনেদৰে সমাধানত উপনীত হব সেইটো হে লক্ষণীয় হব ।

পূৱ গুৱাহাটী সমষ্টিৰ ৰাজ ভৱনৰ গাতে লাগি থকা ৩২ নংৰ ৱাৰ্ড টোৰ কথা কবলৈ গ’লে সেই অঞ্চলটোৰ সকলোবোৰ ব্যক্তিয়ে খোৱা পানীৰ যোগানৰ আচল ৰহস্য টো দাঙি ধৰিছে কিয়নো পানীৰ পৰিশোধন ক্ষেত্ৰ খনৰ নিচেই কাষতেই অৱস্থিত সেই অঞ্চল টোৰ ব্যক্তি সকলে আজিলৈকে খোৱাৰ বাবে বিশুদ্ধ পানী আহৰণ কৰিবলৈ সুবিধা পোৱা নাই । অঞ্চলটোৰ মনি দাস নামৰ গৃহিণী গৰাকীয়ে জানিবলৈ দিয়া মতে “ চৰকাৰে খোৱা পানীৰ যোগান ধৰিছে,সেইটো ঠিকেই কিন্তু খাবলৈ পোৱা পানী খিনি কিমান পৰিমাণৰ বিশুদ্ধ সেইটো পানীখিনিৰ ৰং দেখিলেই ৰহস্য জানিব পাৰি। কেইবাদিনো সেই যোগান ধৰা পানী খিনি আনিবলৈ যাওঁতে লক্ষ্য কৰিছে সেই পানী খিনিত কিছুমান সৰু সৰু কেঁচু জাতীয় পোক পৰুৱা উপঙি থাকে । ফলত বহুত পৰিয়ালে খাবৰ বাবে পানী কিনি খাব লগীয়া হৈছে । তেখেতে জনিবলৈ দিয়ে যে প্ৰাক্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সেই ঠাই খিনিত নিজৰ কাৰ্য্যকালত থাকিবলৈ আহোঁতে তেনে ধৰণৰ সমস্যা নাছিল কিন্তু তেখেত সেই ঠাইৰ পৰা আঁতৰি যোৱাৰ পাছৰ পৰাই এনে বোৰ সমস্যাৰে দেখা দিছে ।” আৰু লগতে সেই ঠাইৰ টোৰ কিছু কিছু অংশত মাত্ৰ এজাক বৰষুণতেই পানীৰ সৃষ্টিৰ হোৱাৰ কথাই সেই স্থানৰ নলা নৰ্দমা বোৰক লৈ প্ৰশ্ন উঠিছে । সেই ঠাইৰে এজন স্থানীয় ৰিক্সা চালকে কোৱা মতে “ পৌৰ নিগমে জাবৰৰ বাবে দিয়া জাবৰদানি বোৰৰ আকাৰ তেনেই সৰু আৰু জাবৰ কঢ়িওৱা গাড়ী খন সপ্তাহ টোত মাত্ৰ কেইদিনমানৰ বাবে হে অহা পৰিলক্ষিত হয় সেয়েহে ৰাস্তাৰ কাষত লাহে লাহে জাবৰৰে আবৰিব ধৰিছে ।

ৱাৰ্ড ৪৫

পশ্চিম গুৱাহাটী সমষ্টি, কামাখ্যা গেট ৱাৰ্ড নং ১৩ ৰ ভোটাৰ সকল কেনে অৱস্থাত বাস কৰি আহিছে সেইটোৰ উমান লবলৈ গলে ঠাই খিনিৰ নলা নৰ্দমা, পানী , ৰাস্তা আৰু ৰাস্তাৰ কাষত থকা বিজুলীৰ সুবিধাৰ অভাৱে সেই ঠাইৰ ভোটাৰ সকলক বিগত দিনবোৰত হতাশাত ভুগিবলৈ বাধ্য কৰি আহিছে । অঞ্চলটো পাহাৰে আৱৰা হোৱাৰ বাবে বাৰিষা ৰ সময়ত বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা মাটিৰে অঞ্চল টোৰ নলা নৰ্দমা বোৰ আৱৰি পৰে আৰু সেয়েহে বহু কেইঘৰ পৰিয়ালত বান পানীৰ সৃষ্টি হৈ আহিছে । খোৱা পানীৰ কথা আঙুলিয়াই দিয়াৰ লগতে অমূল্য কলিতা নামৰ এজন স্থানীয় ব্যক্তিযে জনাই যে “ সেই ঠাই খিনিৰ প্ৰধান সমস্যা টোৱে হৈছে পানীৰ অভাৱ, লাগতীয়াল পানী খিনিৰ ক্ষেত্ৰত তেখেতে কয় গৰম দিনত ২/৩দিনৰ মূৰত হে সঞ্চয় কৰা পানীৰে লাগতিয়াল কাম খিনি কৰিবলৈ পায় ”। যোগান ধৰা পানী খিনি ব্যৱহাৰ কৰিবৰ বাবে উপযুক্ত নহয় বুলি প্ৰকাশ কৰে আন এজন স্থানীয় ব্যক্তিয়ে । তাৰ সমান্তৰালভাৱে পৰিণীতা শৰ্মা নামৰ এগৰাকী যুৱতীয়ে উল্লেখ কৰা অনুসৰি তেখেতে সৰুৰে পৰা দেখি আহিছে সেই ঠাইত পৌৰ নিগমৰ ফালৰ পৰা কোনো ধৰণৰ জাবৰ পেলাবলৈ ডাস্ট বিনৰ সুবিধা প্ৰদান কৰা নাই , তাৰ ফলত ৰেল লাইনৰ কাষতে থকা খেল পথাৰ খনত সৃষ্টি হোৱা জাবৰৰ দমে সেই অঞ্চল টোত অসুবিধাৰ সৃষ্টি কৰি আহিছে ।

পশ্চিম গুৱাহাটী সমষ্টি, গাড়ী গাওঁ ভখুণ্ডা ৱাৰ্ড নং ১ ৰ ক্ষেত্ৰত সমস্যা বোৰ সীমিত । নিৰ্মাণ কৰা নলা নৰ্দমা বোৰ ৰাস্তাৰ পৰিমাণৰ তুলনাত ওখ হোৱাৰ বাবে সেই ৰস্তাবোৰত বৰষুণৰ সময়ত পানী জমা হোৱা দেখিবলৈ পোৱা যায়। “পৌৰ নিগমৰ জাবৰ কঢ়িওৱা গাড়ী খন বিগত ৫/৬ বছৰ ধৰি দেখিবলৈ পোৱা নাই বুলি স্থানীয় ব্যক্তি কেনিজ ৰাজবংশীযে জানিবলৈ দিয়ে” । লগতে বৰ্তমান ১এপ্ৰিলৰ পৰা বৃদ্ধি হব ধৰা বিদ্যুৎ মাছুল বৃদ্ধিৰ সমান্তৰালকৈ দিনটোত বেছি ভাগ সময়ত হোৱা বিদ্যুৎ কৰ্তনে ব্যৱসায়ৰ লগত জড়িত থকা ভোটাৰ খিনিৰ ওপৰত যথেষ্ট পৰিমাণে আৰ্থিক সংকটত পেলাইছে বুলি বক্তি গৰাকীয়ে জানিবলৈ দিয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply