গুৱাহাটী মহানগৰীৰ বেলতলাত নৃশংস ভাবে হত্যা কৰা বৃদ্ধ দম্পতিৰ তদন্ত অব্যাহত আছে।ইতিমধ্যে
লোমহৰ্ষক হত্যাকাণ্ডৰ সন্দৰ্ভত ২ জনক সোধা-পোছাৰ বাবে গ্ৰেপ্তাৰ কৰিছে। বৃদ্ধ দম্পতিৰ কেয়াৰ টেকাৰ হিচাবে থকা আকাশ চৌধুৰীক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে।


আকাশ চৌধুৰীৰ ভাষ্যৰ ভিত্তিত পৰিয়ালৰে আন এজন ব্যক্তিক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। আনহাতে আকাশ চৌধুৰীৰ পত্নী কুটু দাসৰ মোবাইলৰ তথ্যৰ ভিত্তিত কেইবাজনো লোকৰ তালিকা প্ৰস্তুত কৰিছে আৰক্ষীয়ে।
শেহতীয়া তথ্য অনুসৰি ননীগোপাল বৰুৱাৰ ঘৰৰ পৰা কিছু নথি-পত্ৰ নাইকীয়া হৈছে।

এই নথি-পত্ৰসমূহৰ ভিতৰত সম্পত্তিৰ নথি-পত্ৰ বুলি সন্দেহ কৰা হৈছে। ফৰেনছিকৰ সহায়ত ক্ৰাইম বাঞ্চ, চি আই ডি আৰু মহানগৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।সত্যেন্দ্ৰ সিং আৰু পৰেশ চৌধুৰীকো সোধাপোছা কৰিছে বুলি জনাই আৰক্ষী আয়ুক্ত হৰমিত সিঙে ।

লগতে পঢ়ক- মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড ঘৰৰ ভিতৰতে দম্পতীক হত্যা ডকাইতৰ !


আনহাতে বৃদ্ধ দম্পতিৰ কনিষ্ঠ কন্যা মুম্বাইৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছে। ৮৬ বছৰীয়া ননী গোপাল বৰুৱা আৰু ৭৬ বছৰীয়া মীনা বৰুৱাৰ মৃতদেহ উদ্ধাৰ হৈছিল বেলতলাৰ নিজা ঘৰত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply