গুৱাহাটী: মহানগৰীত পুনৰ হত্যাকান্ড। এগৰাকী ৬০ উৰ্ধৰ এগৰাকী মহিলাক হত্যাৰ অভিযোগ।মহিলাগৰাকীৰ নাম অনু হাজৰিকা।
কালাপাহাৰ গোপীনাথ নগৰৰ তাৰা হীৰা কম্পপ্লেক্স স্বত্বাধিকাৰী।
নিশাৰ ভাগত কোনো দুৰ্বৃত্তই হত্যা কৰি থৈ যায় মহিলা গৰাকীক।
দুৰ্বৃত্তই ঘৰৰ আছবাব ভাঙি ধন , সোন লুটি লৈ যোৱাৰ লগতে চি চি টিভি ভাঙি থৈ যায় ।
ঘটনাস্থলীত উচ্চ পৰ্যায়ৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
বৰ্তমানলৈকে কোনো ধৰণৰ শুংসূত্ৰ পোৱা নাই আৰক্ষী প্ৰশাসনে যদিও তদন্ত অব্যাহত ৰাখিছে ।
মহিলাগৰাকী অকলশৰে বাস কৰিছিল নিজ বাসগৃহত । প্ৰায় ৫ বছৰ পূৰ্বে মৃত্যু হৈছিল তেওঁৰ স্বামীৰ বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ।
লগতে পঢ়ক – কমাৰগাঁৱত শিলাবৃষ্টিৰ ফলত দুশৰ অধিক বাসগৃহৰ ক্ষতিসাধন