গুৱাহাটীঃ মহানগৰীৰ সাতগাঁৱৰ আমবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

দাৰে ডিঙি ৰেপি হত্যা কৰিলে অৱসৰপ্ৰাপ্ত সেনা জোৱানক ।

মৃত্যু হোৱা লোকজন হৈছে সাতগাওঁ থানাৰ অন্তৰ্গত আমবাৰীৰ সুন্দৰ পথৰ বাসিন্দা তথা অৱসৰ প্ৰাপ্ত সেনা জোৱান ৰৌছান আলী।

পৰকীয়া প্ৰেমৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।

লগতে পঢ়কঃলাডাখত দুঃসাহসীক অভিযানৰ বাবে সাজু অসমৰ ২২জনীয়া দল

ৰৌছান আলীয়ে হাবিবুৰ ৰহমান নামৰ লোকজনৰ পত্নীক বিয়া কৰোৱাৰ উদ্দেশ্যে তেওঁৰ বাসগৃহত তিনি দিন ধৰি ৰাখিছিল। এই সন্দৰ্ভতে হাবিবুৰৰ লগত কাজিয়াৰ সূত্ৰপাত হৈছিল ৰৌছান আলীৰ।

হাবিবুৰ ৰহমানে পথত আগুচি ধৰি দাৰে ডিঙি কাটি হত্যা কৰে ৰৌচান আলীক। সাতগাওঁ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰীক। লগতে মহিলাগৰাকীকো আটক কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply