গুৱাহাটীঃ কোভিড সৃষ্ট পৰিবেশৰ বাবে কেইবামাহ ধৰি বন্ধ হৈ থকা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী চলাচল আজিৰ পৰা পুনৰ আৰম্ভ হৈছে।

পূৰ্বৰ সময় মতেই এশ শতাংশ যাত্ৰীৰে ফেৰী সমূহ চলাচল কৰিব পাৰিব। যিকোনো পৰৱৰ্তী জাননী নোপোৱালৈকে সময় আৰু ভাড়া আগৰ দৰেই থাকিব।

লগতে পঢ়কঃনদী বান্ধৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

অসম চৰকাৰে আন্তঃজিলা যাতায়াত বন্ধ কৰি দিয়াৰ পাছতেই চলিত বৰ্ষৰ মে’ মাহৰ পৰাই গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছিল।

অন্যান্য ৰাজহুৱা পৰিবহন ২ ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হৈছে, কিন্তু ব্ৰহ্মপুত্ৰৰ পানীৰ স্তৰ বৃদ্ধি হোৱাৰ বাবে ফেৰী সেৱাৰ ওপৰত নিষেধাজ্ঞা অব্যাহত আছিল।

আভ্যন্তৰীণ জল পৰিবহণৰ সঞ্চালক গৌতম দাসে কয় যে জনসাধাৰণৰ বাবে ফেৰীসেৱা সমূহ পুনৰ আৰম্ভ কৰা হৈছে কিন্তু কোভিড টিকাকৰণ বাধ্যতামূলক নহয়।


Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply