নিউজ ডেস্কঃ নিশাৰ মহানগৰীত গুৱাহাটী আৰক্ষীৰ অভিযান। অভিযানত নামনি অসমৰ লগতে গুৱাহাটীত গাঞ্জা সৰবৰাহ কৰা দুটা সৰবৰাহকাৰীক গাঞ্জা সহ গ্ৰেপ্তাৰ কৰা হয়। উল্লেখ্য যে, এচিপি নন্দিনী কলিতাৰ নেতৃত্বত চলোৱা হয় এই অভিযান।
অভিযান কালত জব্দ কৰা হয় ৪০ কিলোগ্ৰাম ওজনৰ গাঞ্জা। হাজোৰ তেঁতেলীয়াৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰাৰ সময়তে লখৰাত বাহনসহ জব্দ কৰা হয় গাঞ্জা খিনি। গাঞ্জা সৰবৰাহ কৰা হাজোৰ তেঁতেলীয়াৰ বিশ্বজিত কলিতা আৰু ত্ৰৈলোক্য দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
জানিব পৰা মতে, জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য কেইবা লাখ টকা বুলি অনুমান কৰিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে, এএছ০১ এফএ ২৫৪৬ নম্বৰৰ এখন ছুইফট বাহনত সৰবৰাহ কৰিছিল গাঞ্জাখিনি। লগতে গাঞ্জা যোগান ধৰা নিজাববীয়া নথি-পত্ৰও জব্দ দুই সৰবৰাহকাৰীৰ পৰা।