গুৱাহাটীঃ ধীৰেণপাৰাত সংঘটিত হোৱা দিন ডকাইটিকাণ্ডৰ মাষ্টাৰ মাইণ্ড গ্ৰেপ্তাৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অমৰজ্যোতি শৰণীয়া, জমিন বড়োক।

এই দুয়োগৰাকীৰ নেতৃত্বতে ৫ অক্টোবৰৰ বিয়লি ধীৰেনপাৰাত গৌতম পাল নামৰ এজন ব্য়ৱসায়ীৰ বাসগৃহত ডকাইটিকাণ্ড সংঘটিত কৰিছিল ৫জনীয়া এটা ডকাইটৰ দলে।

লগতে পঢ়কঃডবকাৰ শালগছ ধ্বংসৰ প্ৰস্তুতিক লৈ আমছুৰ প্ৰতিবাদ

বৃহস্পতিবাৰে নিশা বাক্সাৰ ককলাবাৰীৰ পৰা আৰক্ষীয়ে আটক কৰিলে ডকাইটিকাণ্ডৰ দুই মাষ্টাৰমাইণ্ডক। ইয়াৰ পূৰ্বে আৰক্ষীয়ে ৩জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

গ্ৰেপ্তাৰ কৰা লোক কেইজন গণেশ দাস (৩৬) আৰু ওমৰ আলী (১৯) আৰু আশীষ মণ্ডল ওৰফে বাপ্পী মণ্ডল। আশীষ মণ্ডলক ফটাশিল আমবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply