পল্টন বজাৰ আৰক্ষীৰ অন্য এজন আৰক্ষীক শাস্তিমূলকভাবে ৰিজাৰ্ভ ক্লজ কৰা হৈছে । যান বাহন আৰক্ষীৰ প্ৰণৱ কুমাৰ ডেকাক ৰিজাৰ্ভ ক্লজ কৰা হৈছে । গুৱাহাটীৰ পল্টন বজাৰত এটি শিশুসহ পত্নীক লগত লৈ স্কুটিৰে গৈ থকা সময়ত সামান্য কাৰণতে ৱিকি গুপ্তা নামৰ লোকজনক বাইকৰ ওপৰতেই আৰক্ষীয়ে প্ৰহাৰ কৰিছিল । কালি তৎকালীনভাবে ফকৰুদ্দিন আহমেদ নামৰ আৰক্ষীজনক নিলম্বন কৰা হৈছিল । আজি প্ৰণৱ কুমাৰ ডেকা নামৰ আৰক্ষীজনক ৰিজাৰ্ভ ক্লজ কৰা হৈছে ।

তালাচী চলোৱাৰ নামত কেইবাজনো আৰক্ষীয়ে প্ৰহাৰ কৰিছিল স্কুটি চালক বিকি গুপ্তাক৷ বিশাল মেগামাৰ্টৰ সন্মূখত সংঘটিত হৈছিল এই ঘটনা৷
ভূক্তভোগী বিকি গুপ্তাক জেললৈ প্ৰেৰণ কৰি নিজৰ বিৰত্ব দেখুৱাইছিল পল্টন বজাৰ আৰক্ষীয়ে। ঘটনাৰ সন্দৰ্ভত বিকি গুপ্তাৰ পত্নীয়ে গোচৰ দিয়ে।
কিন্তু গোটেই ঘটনাটোৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া যোগে ভাইৰেল হোৱাৰ পিছতেই পল্টন বজাৰ আৰক্ষীৰ এই কাণ্ডই লজ্জানত কৰে সমগ্ৰ আৰক্ষী বাহিনীক।
লোকজনক আৰক্ষীয়ে প্ৰহাৰ কৰি থকা সময়ত স্কুটি খনত উঠি আছিল এটি কণমানিসহ পত্নী।
আৰক্ষীয়ে লোকজনক খেদি আহি প্ৰহাৰ কৰোঁতে কেঁচুৱাসহ মহিলা গৰাকী বাইকৰ পৰা বাগৰি পৰিছিল।
আৰক্ষী সঞ্চালক প্ৰধানে বিষয়টোৰ ওপৰত ব্যবস্থা ল’বৰ বাবে মহানগৰ আৰক্ষীক নিৰ্দেশ দিয়াৰ পিছতেই ঘটনাক লৈ বত্তমানলৈকে দুজনৰ ওপৰত ব্যবস্থা লৈ নতুন ৰুপত তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply