গুৱাহাটীঃ ক’ভিডৰ নতুন গাইড লাইন জাৰি হোৱাৰ পিছতে আজিৰে পৰা কঠোৰ হৈছে মহানগৰ আৰক্ষী। আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে নতুন কোভিড বিধি। ব্যক্তিগত বাহন চলাচলৰ ক্ষেত্রতো নতুন নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

গুৱাহাটী মহানগৰীৰ বাবে প্রশাসনে যুগ্ম-অযুগ্ম নম্বৰৰ গাড়ীৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে ।
অযুগ্ম সংখ্যাৰে শেষ হোৱা নম্বৰৰ গাড়ী চলিব অযুগ্ম তাৰিখতহে।

কামৰূপ জিলা প্ৰশাসনে জাৰি কৰা এই নিৰ্দেশনাৰ পিছত আজি নগৰৰ ভিন্ন ঠাইত তালাচী ব্যাপক ৰূপে কৰিছে জিলা প্ৰশাসনে।

আৰু পঢ়কঃদেশত প্ৰতিদিনে ৪ হাজাৰতকৈও অধিক ক’ভিড ৰোগী মৃত্যুৰ মুখত পৰি আছে

আজিৰ দিনটোত অযুগ্ম সংখ্যাৰ বাহনকহে ঘুৰিবলৈ অনুমতি দিয়ালৈ চাই যিসকল ব্যক্তিয়ে যুগ্ম সংখ্যাৰ বাহন লৈ ওলাই আহিছে তেওঁলোকক জৰিমনা বিহিছে আৰক্ষীয়ে।
নিৰ্দেশ মতে যাৰ গাড়ীৰ নম্বৰপ্লেটৰ শেষৰ সংখ্যা ১, ৩, ৫, ৭, ৯ হ’লে সেই গাড়ী চলিব ১৩, ১৫, ১৭ তাৰিখেহে।
সেইদৰে যাৰ গাড়ীৰ নম্বৰ ২, ৪, ৬, ৮ সেই গাড়ী চলিব ১৪, ১৬, ১৮ মে’তহে।
অত্যাৱশ্যকীয় সেৱাৰে জড়িত বাহনক এই নিৰ্দেশনাৰ পৰা ৰেহাই দিয়া হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply