গুৱাহাটী : ক’ভিডসৃষ্ট পৰিস্থিতিৰ মাজতে গুৱাহাটী মহানগৰীত অব্যাহত আছে সান্ধ্য আইন উলংঘা কৰি যাতায়াত। ক’ভিডৰ নীতি–নির্দেশনা উলংঘাকাৰীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷

বিগত এটা পষেকতে মহানগৰ আৰক্ষীয়ে যান–বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযান চলাই অভিলেখসংখ্যক ৩৫ লাখ টকা জৰিমনা সংগ্রহ কৰিবলৈ সক্ষম হয়৷ ক’ভিডৰ নীতি–নির্দেশনা আৰু যান–বাহন আইন উলংঘা কৰাৰ অপৰাধত ৩৫ লাখ টকা জৰিমনা সংগ্রহ কৰাৰ লগতে ৪৫০০ নন–এফআইআৰ গোচৰ ৰুজু কৰাৰ লগতে ১১০খন বাহন জব্দ কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ উপহাৰৰ বাৱে অনন্ত শয্যা নিৰ্মাণত ব্যস্ত এগৰাকী শিল্পী

যান–বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে প্রতিদিনে মহানগৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ ইফাকে ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ গতি সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ৪০ ৰ বিপৰীতে ৬০ লৈকে বাহনৰ গতি বান্ধি দিয়াৰ পৰামৰ্শ দিছে। প্ৰথমে জৰিমনা নহয়, দিয়া হ’ব জাননী, দ্বিতীয় বাৰহে জৰিমনা দিব লাগিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply