গুৱাহাটী : গুৱাহাটীত লতাশিল আৰক্ষী আৰু মধ্য গুৱাহাটী আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী সকলক জেৰা চলাই গুৱাহাটী মহানগৰীৰ প্রান্তে প্রান্তে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আছে।
যোৱা দুদিনত লতাশিল আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী সকলক জেৰা চলাই অন্য কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ কবলৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছো জব্দ কৰিছে।
লগতে পঢ়ক : দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে ক’ভিড আক্রান্তৰ হাৰ
ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন হৈছে সিজুৱাৰীৰ মিজানুৰ ৰহমান, আব্দুল ফাৰুক, খাৰঘুলিৰ অমিত দাস আৰু গান্ধীবস্তিৰ ছাৰফৰাজ আহমেদ। এই ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ কবলৰ পৰা আৰক্ষীয়ে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছৰ লগতে নগদ ৪২,২০০ টকা, মোবাইল ফোন আৰু এখন ইস্কুটি জব্দ কৰিছে।