গুৱাহাটী-মহানগৰ আৰক্ষীৰ বিশেষ সফলতা। হাতীগাওঁ অঞ্চলৰ শংকৰ- আজান পথৰ ৰামাজুদ্দিন নামৰ লোকজনৰ ভাড়াঘৰৰ পৰা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰোইনৰ লগতে নিষিদ্ধ কফ্ চিৰাপ জব্দ কৰে ।
এক বিশেষ সূত্ৰৰ ভিত্তিত হাতীগাওঁ আৰক্ষীৰ সহযোগত অপৰাধ শাখাই এই অভিযান চলাইছিল। ৰমিজুদ্দিন নামৰ লোক জনৰ লগতে এই ঘটনাৰ সন্দৰ্ভত জড়িত আন তিনিজন লোক- মোহাছিন খান, মহম্মদ মুস্তাকিন আৰু ডব্লিউ এম টাল্হা নামৰ লোক কেইজনক লগতে আৰক্ষীয়ে আটক কৰে। ধৃত লোককেইজন মণিপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
ধৃত লোককেইজনৰ পৰা আৰক্ষীয়ে ২৬ গ্ৰাম হেৰোইন, ৫কেজি নিচাজাতীয় টেবলেট, ৬ বটল কফ্ চিৰাপ, ৬টা মবাইল ফোন, এখন স্কুটাৰৰ লগতে ৯২০০ হেজাৰ নগদ ধন উদ্ধাৰ কৰে। এই সন্দৰ্ভত অধিক তদন্ত চলি আছে বুলি আৰক্ষীয়ে জনাইছে।
উল্লেখ্য যে কেইদিনমান আগতেও, যোৰাবাটৰ ঘনশ্যাম বস্তিত অপৰাধ শাখা আৰু গুৱাহাটী আৰক্ষীৰ এটা দলে ৰেখা গগৈ নামৰ মহিলাগৰাকীৰ বাসভৱনত অভিযান চলাই ৭২ পেকেট হেৰোইন জব্দ কৰাৰ লগতে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছিল।