গুৱাহাটীঃ পহিলা জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কৰা মন্তব্যৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
বৃহস্পতিবাৰে এই সন্দৰ্ভত ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই এক সংবাদমেল সম্বোধন কৰি চলিত মাহতে মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিলৰ আহ্বান জনাইছে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজনীতি কৰা হৈছে, ছয় জনগোষ্ঠীৰ প্ৰতি মুখ্যমন্ত্ৰীৰ কোনো দৰদ নাই বুলি উল্লেখ কৰি প্ৰতিবেদন দাখিল নকৰিলে অসম ৰক্তাক্ত হোৱাৰ হুংকাৰ দিয়ে জনগোষ্ঠীয় ঐক্য মঞ্চই ।
মুখ্যমন্ত্ৰীয়ে যদি জনজাতিকৰণ দিব নোৱাৰে তেনেহ’লে মুখ্যমন্ত্ৰীক স্পষ্ট কৰিবলৈ আহ্বান জনায়।
অহা জানুৱাৰীত গণতন্ত্ৰ দিৱসৰ দিনা চচলত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰিব বুলিও উল্লেখ কৰে। ইয়াৰ উপৰিও পৰৱৰ্তী সময়ত জিলা ভিত্তিক আন্দোলন গঢ়ি তোলাৰ লগতে ফেব্ৰুৱাৰীৰ আৰম্ভণিৰ পৰা জিলা সমূহৰ পৰা গুৱাহাটী তথা দিল্লীলৈ আন্দোলন সম্প্ৰসাৰণ কৰা হ’ব বুলিও মন্তব্য় কৰে।
ইয়াৰ উপৰিও ছয় জনগোষ্ঠীৰ বিৰুদ্ধাচৰণ নকৰিবৰ বাবে আদিত্য খাকলাৰীকো সকীয়নী দিয়ে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই।