গুৱাহাটীঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লিখিত পৰীক্ষাত ৪০ শতাংশ নম্বৰ পোৱাৰ পিছতো চাকৰি নাপালে দিব্যাংগ প্ৰাৰ্থী মকবুল হুছেইনে। ২০১৭ চনৰ ডিচেম্বৰ মাহত বাচনি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল। চিভিল ইঞ্জিনীয়াৰিঙৰ শিক্ষাগত অৰ্হতা থকা মকবুল হুছেইনে প্ৰতিবন্ধী আদালতত নিযুক্তি সৰ্ন্দভত আবেদন জনাইছিল।

২০২০ চনৰ মে’ মাহত ৰাজ্যিক প্ৰতিবন্ধী আদালতে বিষয়টো তদন্ত কৰি ৯০দিনৰ ভিতৰত মকবুলক নিযুক্তি দিবৰ বাবে বিভাগক নিৰ্দেশ প্ৰদান কৰিছিল। কিন্তু দুবছৰ অতিক্ৰম কৰাৰ পিছতো মকবুল হুছেইনক নিযুক্তি নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে দিব্যাংগ মঞ্চ অসমে। আজি এক সংবাদমেলত এই ক্ষোভ প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ আন কেতবোৰ দাবী পূৰণ কৰিবলৈ চৰকাৰক দাবী জনায়। অন্যথা গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ সংগঠনটোৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply