গুৱাহাটীঃ ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ ৷ যাৰ বাবে ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিৱেশ ৷

শেহতীয়াকৈ ঘোষণা কৰা ক’ভিড নীতি নিদৰ্শনাত দুৰ্গাপূজাকে ধৰি বিভিন্ন ক্ষেত্ৰত যথেষ্ট শিথিলতা অনাটো পৰিলক্ষিত হৈছে ৷

বৰ্তমান সকলোতে প্ৰায় শিথিলতা আহিল যদিও এতিয়ালৈকে সাংস্কৃতিক অনুষ্ঠান খুলি দিয়া হোৱা নাই৷ যাৰ বাবে ৰাজ্যত এতিয়া শিল্পী সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়কঃডিমাচা বিদ্ৰোহী সংগঠন ডিএনএলএ আত্মসমৰ্পণ

এই সন্দৰ্ভত সদৌ অসম যাত্ৰা দল প্ৰযোজক সন্থাই গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰকাৰক এই ক্ষেত্ৰত বিবেচনা কৰি যাত্ৰা নাটক পৰিৱেশন কৰাৰ নতুন এছ ও পি ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনাই ৷

সংবাদ মেলত সদৌ অসম যাত্ৰা প্ৰযোজক সন্থাৰ সভাপতি নৱ কুমাৰ শৰ্মা,কাৰ্যকৰী সভাপতি গকুল মহন্ত ,সাধাৰণ সম্পাদক ছবিন পাঠক ,উপদেষ্টা নকুল তালুকদাৰ,কাৰ্যকৰী সদস্য বিপুল দাসকে ধৰি কেইবাগৰাকী সদস্য উপস্থিত থাকে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply