গুৱাহাটীঃ গুৱাহাটীৰ ৰে’ল বিভাগৰ মাটি বনিয়াক লীজত দিয়াৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। চিপিআই (এম)য়ে গুৱাহাটীৰ মাজমজিয়াত থকা ৫৮ বিঘা ভূমি বনিয়াক গতাই দিয়াৰ তীব্ৰ বিৰোধিতা কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
মালিগাঁৱস্থিত এন এফ ৰে’লৱেৰ সদৰ কাৰ্যালয়ৰ ২ নং গেটত চি পি আই (এম) অৰ্ধ শতাধিক কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে বনিয়াক গটোৱা ৰে’লৰ মাটিৰ লীজ বাতিল কৰাৰ দাবী জনায়।
প্ৰতিবাদকাৰী সকলে বিভিন্ন বিজেপি বিৰোধী শ্লোগানেৰে আকাশ-বতাহ উত্তাল কৰি তোলে। উল্লেখ্য যে গুৱাহাটী ক্লাৱ আৰু পল্টন বজাৰস্থিত বহু মুল্যৱান ৫৮ বিঘা ৰে’ল বিভাগৰ মাটি কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত ব্যৱসায়ীক ৯৯ বছৰৰ বাবে লীজত প্ৰদান কৰিছে।
প্ৰতিবাদকাৰী সকলে লীজ চুক্তি তাৎক্ষণিকভাৱে বাতিল কৰিবলৈ দাবী জনাইছে। অসম চৰকাৰৰ সম্পূৰ্ণ জ্ঞাতসাৰে কেন্দ্ৰীয় চৰকাৰে উক্ত লীজ চুক্তি সম্পাদন কৰিছে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ বাবে উঠি পৰি লাগিছে আৰু ব্যক্তিগতকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে ‘জাতীয় মুদ্ৰাকৰণ পাইপলাইন’ পৰিকল্পনা গ্ৰহণ কৰিছে বুলি প্ৰতিবাদকাৰী সকলে অভিযোগ কৰিছে।
লগতে পঢ়কঃমহানগৰীত নকল টকাসহ আটক তিনিজন
প্ৰতিবাদকাৰীসকলে ৰে’ল বিভাগৰ অতিৰিক্ত মাটি বনিয়াক গতাই দিয়াৰ পৰিৱৰ্তে ভূমিহীন লোকক দিয়াৰ দাবী জনায়। প্ৰতিবাদকাৰী সকলে বনিয়াক ৰে’লৰ মাটি গতাই দিয়া চুক্তি অতি শীঘ্ৰে বাতিল কৰাৰ দাবীত ৰে’ল বিভাগৰ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
ৰে’ল বিভাগৰ ৫৮ বিঘা ভূমি বহিৰাগত বনিয়াক লীজত গতালে চৰকাৰে। আমবাৰী,পল্টন বজাৰ, পাণবজাৰ, গুৱাহাটী ক্লাৱৰ ৰে’লৰ ভূমি আনকি পল্টন বজাৰ ৰে’ল ষ্টেচনৰ কাষৰ ভূমিও পুঁজিপতিক গটালে। চৰকাৰে হস্তান্তৰ কৰা ব্যৱসায়ী কেইজন হ’ল ঋষি গুপ্তা,উত্তম বেৰিয়া, অৰুণ বাজাজ।