নিউজ ডেস্কঃ জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথ ৬ লেনযুক্ত কৰাৰ সিদ্ধান্ত চৰকাৰৰ। ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ বাবে ২৫০০ গছ কাটি পেলোৱা হ’ব। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ গছ কটাৰ বিৰোধিতা কৰিছে ফ্ৰাইডে ফিউটাৰ নামৰ এক সংগঠনে।

আজি এই সংগঠনৰ সদস্য সকলে আই এছ বি টিৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি গছ কটাৰ বিৰোধিতা কৰে। হাতে হাতে বেনাৰ লৈ ফ্ৰাইডে ফিউচাৰৰ সদস্য সকলে গছ নকটাকৈ বিকল্প ব্যৱস্থা গ্ৰহণ কৰি ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ বাবে চৰকাৰৰ আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply