গুৱাহাটীঃ বুধবাৰে মহানগৰীৰ চচলস্থিত ধৰ্ণাস্থলীত ক’ভিড চেণ্টাৰ সমূহৰ চাফাই কর্মী সকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ২০২০ চনত ক’ভিডৰ সময়ত ক’ভিড চেণ্টাৰ সমূহৰ চাফাইৰ বাবে ৰাজ্য চৰকাৰে ১৩২৪ জন চাফাই কর্মীক নিযুক্তি দিয়াৰ আশ্বাস প্ৰদান কৰিছিল যদিও পৰৱৰ্তী সময়ত এই চাফাই কর্মী সকলক কোনো ধৰণৰ জাননী নিদিয়াকৈ অব্যাহতি দিছিল।
লগতে পঢ়কঃগোলাঘাটত পথ দুৰ্ঘটনাত থিতাতে নিহত বিজেপি কৰ্মী
অসম বিধানসভাৰ বাজেট অধিবেশন চলি থকাৰ মাজতে চাফাই কর্মীসকলে পি পি ই কিট পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকক নিযুক্তিৰ দাবী জনাইছে।
চতুৰ্থ শ্ৰেণীৰ চাকৰিত নিযুক্তি প্ৰদান অথবা ঠিকা ভিত্তিত চাকৰিৰ দাবী জনাই বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে পৰিৱেশ উত্তাল কৰি তোলে।