গুৱাহাটীঃ বিটিআৰৰ চিৰাং জিলাৰ বাসুগাঁৱত অসমৰ এটা জনপ্ৰিয় ছেটেলাইট চেনেলৰ স্থানীয় সাংবাদিক তথা চিৰাং জিলা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক জয়ন্ত দেবনাথক আৰক্ষীয়ে কৰা আক্ৰমণৰ ঘটনাক জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ ৰাজ্যিক সমিতিয়ে কঠোৰ ভাষাৰে গৰিহণা দিয়ে৷ কৰ্তব্যৰত সাংবাদিকক কৰা এনে বৰ্বৰ অত্যাচাৰক গৰিহণা দিয়াৰ লগতে দোষী আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু আৰক্ষী সঞ্চালক প্ৰধানক দাবী জনাইছে জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ ৰাজ্যিক সমিতিয়ে। চতুৰ্থ স্তম্ভৰ ওপৰত আৰক্ষীৰ এনে বৰ্বৰ অত্যাচাৰ চৰম গৰিহণাৰ বিষয় বুলিও কয় জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ ৰাজ্যিক সমিতিয়ে।

ঘটনাৰ বিৱৰণি অনুসৰি বাসুগাঁও আৰক্ষী চকীৰ প্ৰদীপ সাহা আৰু এল.আৰ বৰ্মন নামৰ কনিষ্টবল দুজনে হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰি সাংবাদিক গৰাকীয়ে আইন সকলোৰে বাবে সমান নহয় নেকি বুলি প্ৰশ্ন কৰি থকা দৃশ্য ভিডিঅ’ কৰাৰ বাবে আৰক্ষী জোৱানে সাংবাদিকজনক অশ্ৰাব্য ভাষাৰে গালি গালাজ পাৰাৰ লগতে দিন দুপৰতে বাসুগাঁৱৰ ৰাজপথত নিৰ্মমভাবে প্ৰহাৰ কৰি আহত কৰে ।

লগতে পঢ়কঃমহানগৰীত তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে তিনিখনকৈ বাহন

আনকি আৰক্ষীয়ে আইন হাতত তুলি লৈ সাংবাদিক গৰাকীক ভৰিৰে লঠিওৱা দৃশ্যৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈছে । দেহৰ বিভিন্ন অংগত আঘাতপ্ৰাপ্ত জয়ন্ত দেৱনাথক চিকিৎসকে শাৰীৰিক পৰীক্ষা কৰাৰ অন্তত অৱস্থা গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ লৱাৰ আসাম নাৰ্চিং হোমত ভৰ্তি কৰায়। ইফালে ঘটনাটোক কেন্দ্ৰ কৰি সাংবাদিকৰ উপৰি অঞ্চলবাসী ৰাইজ জাঙুৰ খাই উঠে। থানাৰ সম্মুখতে সাংবাদিক আৰু স্থানীয় ৰাইজে দোষী আৰক্ষীক শান্তি দিয়ক, অসম আৰক্ষী হায় হায়, অসম আৰক্ষী গো বেক, আৰক্ষীৰ দাদাগিৰি নচলিব ইত্যাদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে।

অৱশেষত চিৰাং জিলাৰ উপ আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকা উপস্থিত হৈ সাংবাদিক জয়ন্ত দেবনাথৰ এজাহাৰৰ ভিত্তিত আৰু চিৰাং জিলাৰ সাংবাদিক সকলৰ দাবীৰ ভিত্তিত মাৰপিটত জড়িত থকা আৰক্ষী দুগৰাকীক ৰিজাৰ্ভ ক্লজ কৰা হয় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply