নিউজ ডেস্কঃ উৎকট গৰমে দহা ৰাজ্যবাসীক অৱশেষত এজাক বৰষুণে দিলে কিছু সকাহ। কেইবাদিনো ধৰি উৎকট গৰমৰ পিছত আজি আবেলি প্ৰায় ৪মান বজাত অহা এজাক বৰষুণে গুৱাহাটীবাসীৰ মাজত কিছু অৱকাশ দিয়ে।

মঙলবাৰৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা ৩৪ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৪ ডিগ্ৰী ছেলছিয়াছ। বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা মতে বুধবাৰে সন্ধিয়ালৈকে ধাৰাসাৰ বৰষুণ পৰাৰ সম্ভাৱনা আছে।

অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই। অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাতো এজাক পাতলীয়া বৰষুণ দিয়ে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নাগালেণ্ড,মণিপুৰৰ বিভিন্ন স্থানতো পাতলীয়া বৰষুণ দিয়ে।

লগতে পঢ়কঃহোজাই দেশবন্ধু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাদশ শ্ৰেণীৰ কলা শাখাৰ শুভাৰম্ভনী

যোৱা ২৪ ঘণ্টাৰ ভিতৰত ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণ পৰাৰ লগতে অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত বৰষুণৰ লগতে বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰিছে।

চানমাৰী অঞ্চলৰ দৃশ্য

গুৱাহাটী মহানগৰীত হোৱা বৰষুণজাকৰ ফলত বিভিন্ন অঞ্চল পানীত ডুব গৈছে । যোৱা বছৰ ধৰি নলানৰ্দমা বোৰ চাফা নকৰাৰ ফলত চানমাৰী, জু ৰোড আদি অঞ্চল পানীৰ তলত । গুৱাহাটী পৌৰ নিগমে ক’ভিড আৰম্ভ হোৱাৰ পৰাই নলা নৰ্দমা বোৰ চাফা কৰিবলৈ বাদ দিলে । তদুপৰি মহানগৰবাসীয়ে প্লাষ্টিকসহ জাবৰ জোথৰ বোৰ নলা নৰ্দমা বোৰত পেলাই অহাৰ বাবেই এজাক বৰষুণতে নিয়ন্ত্ৰণহীন হৈ পৰে ৰাজ্যৰ একমাত্ৰ মহানগৰ খন ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply