গুৱাহাটীঃ মহানগৰীত পুনৰ জঘন্য ঘটনা। বামুনীমৈদামত ৬৫ বছৰীয়া লম্পট বৃদ্ধৰ কামনাৰ বলি হ’ল ১২ বছৰীয়া কিশোৰী। লম্পট বৃদ্ধটো বামুনীমৈদাম ৰেলৱে কলনীৰ বাসিন্দা ৰতন দত্ত বুলি জানিব পৰা গৈছে। লম্পট বৃদ্ধটো পেছাত এজন কণী ব্যৱসায়ী।
বামুনীমৈদামৰ আৰ পি এফ খেলপথাৰৰ সমীপত দীৰ্ঘদিন ধৰি বৃদ্ধটোৱে কিশোৰীগৰাকীক টকা আৰু কণী দিয়াৰ প্ৰলোভনেৰে যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। ভাস্কৰ নগৰৰ বীৰাংগনা মহিলা সমিতিৰ অনুসন্ধানত পোহৰলৈ আহিছে সমগ্ৰ ঘটনাটো। আনকি বৃদ্ধজন আৰু তেওঁৰ কন্যাই মহিলা সমিতিক মেনেজ কৰাৰো চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে।