গুৱাহাটীঃ গুৱাহাটী মহানগৰীত মহিলাক দলবদ্ধ ধৰ্ষণৰ ঘটনা। হাতীগাঁও নীলকমল পথৰ ২৪নং ভাড়াঘৰত এই জঘন্য ঘটনা সংঘটিত হৈছে। ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে ধৰ্ষণকাণ্ডৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ কৰিছে। আটকাধীন তিনি ধৰ্ষণকাৰী আশ্ৰাফুল আলী, নাইমুদ্দিন আলী, মুকুল ইছলাম।
জানিব পৰা মতে, অভিযুক্ত কেইজনে ভাত খাবলৈ মাতি নি কাৰ্বি মহিলা গৰাকীক দলবদ্ধ ধৰ্ষণ কৰে। প্ৰাপ্ত খবৰ অনুসৰি, তিনিও জন অভিযুক্তই একেটা কোম্পানীত কাম কৰে, য’ত কিছুদিন পূৰ্বে মহিলা গৰাকীয়েও যোগদান কৰিছিল। বুধবাৰে এই মহিলা গৰাকীক ভাত খাবলৈ মাতি নি এই জঘন্য ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।
আৰক্ষীয়ে এই সন্দৰ্ভত জনাই যে- ‘এগৰাকী প্ৰায় ৩৭ বছৰীয়া মহিলাই এটা গোচৰ কৰিছিল। বুধবাৰে তেওঁৰ লগত ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল। এই সন্দৰ্ভত তেওঁৰ পৰা আমি এক এফআইআৰ ল’লো। এফআইআৰত প্ৰকাশ কৰা অনুসৰি মহিলা গৰাকীয়ে নতুনকৈ যোগদান কৰা কোম্পানীটোৰে তিনিওজন যুৱকে তেওঁক ধৰ্ষণ কৰিছিল।নীলকমল পথৰ এটা ঘৰত ভাত খাবলৈ নি মহিলাগৰাকীক ধৰ্ষণ কৰিছিল…।’
উল্লেখযোগ্য যে, অভিযুক্ত যুৱক কেইজনক আটক কৰি স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ পাছত হাতীগাঁও থানালৈ লৈ অনা হৈছে। আনহাতে, অভিযুক্ত কেইজনে বিপৰীত ভাষ্য দিছে। তেওঁলোকে স্পষ্টকৈ কৈছে যে- মহিলাগৰাকীৰ সৈতে তেওঁলোকৰ পূৰ্বৰে পৰা চিনাকি আছিল। আৰু মহিলাগৰাকীয়ে তেওঁলোকৰ পৰা ৫ হাজাৰকৈ টকা দাবী কৰিছিল। আৰু ৫ হাজাৰকৈ টকা দিবলৈ অমান্তি হোৱাৰ বাবেই মহিলা গৰাকীয়ে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।