প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটীঃ পুনৰ মহানগৰীত সংঘটিত হৈছে ধৰ্ষণ কাণ্ড। ভাড়াঘৰত অকলশৰে থকা অৰুণাচলী যুৱতীক ধৰ্ষণ কৰে এজন যুৱকে। হেঙেৰাবাৰীৰ ৰূপকোঁৱৰ পথত সংঘটিত হৈছে এই ঘটনা। যুৱতী গৰাকীয়ে নিশাই ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷

যুৱতীগৰাকীৰ ভাষ্য অনুসৰি বুধবাৰে নিশা ভাড়াঘৰত যুৱতীগৰাকী অকলশৰে থকা অৱস্থাত টেনজিং দৰ্জি নামৰ যুৱকজনে বলপূৰ্বক ভাড়া ঘৰত প্ৰৱেশ কৰি যুৱতীগৰাকীক ধৰ্ষণ কৰে। যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত আজি পুৱাই আৰক্ষীয়ে অভিযান চলাই ধৰ্ষণ কাণ্ডৰ অভিযুক্ত টেনজিং দৰ্জি নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷

লগতে পঢ়কঃশিলচৰত নিচাজাতীয় দ্ৰব্যসহ আটক দুই সৰবৰাহকাৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply