গুৱাহাটীঃ পুনৰ মহানগৰীত সংঘটিত হৈছে মানৱ সমাজত কলংকৃত কৰা ঘটনা। ষাঠী বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ’ল এজনী ছয়বছৰীয়া শিশু। এই ঘটনাটো সংঘটিত হৈছে নাৰেংগীৰ ভূপেন্দ্ৰ নগৰত। লম্পট বৃদ্ধটোৰ নাম দ্ধীজেন ৰামছিয়াৰী।
দ্ধীজেন ৰামছিয়াৰীয়ে শিশুটিক চিপছ দিয়াৰ প্ৰলোভনেৰে যৌন নিৰ্যাতনৰ চেষ্টা চলাওতেই শিশুটিৰ ভাতৃয়ে প্ৰত্যক্ষ কৰি চিঞৰ-বাখৰ কৰাত পলায়ন কৰে বৃদ্ধটো।
ইতিমধ্যে অভিযুক্ত শিশুটিৰ পিতৃ-মাতৃয়ে নুনমাটি থানাত গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত তদন্ত চলাই লম্পট বৃদ্ধটোক কৰায়ত্ত কৰে।