গুৱাহাটীঃ মহানগৰীৰ নুনমাটিত সংঘটিত হৈছে এক জঘন্য কাণ্ড৷ অন্তঃসত্বা মহিলাক ধৰ্ষণৰ চেষ্টা চলাই আৰক্ষীৰ জালত পৰিল যুৱক৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ স্নানাগাৰত প্ৰৱেশ কৰি মহিলগৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল লম্পটটোৱে৷
আৰক্ষীয়ে জনোৱা মতে, পূৰ্বৰ পৰা চিনাকি সূত্ৰে মহিলা গৰাকীৰ ঘৰলৈ সঘন আহ-জাহ আছিল তাবিয়াল আলী নামৰ অভিযুক্তটোৰ৷ দেওবাৰে সন্ধিয়া তাবিয়ালে মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰি ঘৰত কোনো নথকাৰ সুযোগ লৈ মহিলা গৰাকীৰ ঘৰলৈ আহিছিল। সেই সময়ত মহিলা গৰাকী স্নানাগাৰতে আছিল। লম্পট তাবিয়াল আলিয়ে স্নানাগাৰৰ দুৱাৰ খুলি ভিতৰত প্ৰৱেশ কৰি মহিলা গৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলায় যদিও মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত লম্পটটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷
এই ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে দেওবাৰে নিশাই নুনমাটি থানাত এজাহাৰ দাখিল কৰিছিল৷ মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত নুনমাটিৰ নিজৰাপাৰ অঞ্চলত আত্মগোপন কৰি থকা লম্পত তাবিয়াল আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে৷ যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগী মহিলা গৰাকী তিনি মহীয়া অন্তঃসত্তা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷