গুৱাহাটীঃ মহানগৰী গাড়িগাঁৱত কিশোৰীক দলবদ্ধ ধৰ্ষণৰ ঘটনা। ৫জন যুৱকে ধৰ্ষণ কৰি ভিডিঅ’ বনাইছিল কিশোৰীগৰাকীৰ। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ভিডিঅ’। POCSO আইনৰ অধীনত পাণবজাৰ মহিলা আৰক্ষী থানাত ৫ যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু।
বৰ্তমান পলাতক অৱস্থাত আছে যুৱককেইজন। অভিযুক্ত যুৱককেইজন হ’ল বিকী আলী, ফইজুল আলী, পিংকু আলী, পোনা আলী আৰু ৰাজা আলী।
লগতে পঢ়কঃটকা আৰু প্ৰলোভনৰ ৰাজনীতিৰ বাবেই আমি হাৰিলো: অখিল গগৈ
পলাতক ৫ অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত আছে। দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল দুৰ্ভগীয়া কিশোৰীগৰাকীয়ে। অভিযুক্ত বিকী আলীৰে প্ৰেমৰ সম্পৰ্ক আছিল কিশোৰীগৰাকীৰ।
১৬ ফেব্ৰুৱাৰীত বিকীয়ে ফুচুলাই ঘৰলৈ নিছিল কিশোৰীগৰাকীক। ঘৰতে এজন বন্ধুৰ সৈতে লগলাগি ধৰ্ষণ কৰি ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল। ১৯ ফেব্ৰুৱাৰীত পুনৰ OYO হোটেললৈ লৈ গৈছিল কিশোৰীগৰাকীক। হোটেলতে ৫ জন বন্ধুৱে ধৰ্ষণ কৰিছিল ছাত্ৰীগৰাকীক। ধৰ্ষণ কৰা ভিডিঅ’ ৰেকৰ্ডিং কৰি ভাইৰেল কৰিছিল। পৰিয়ালৰ লোকে ৮ মাৰ্চত পাণবজাৰ মহিলা আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তক বিচাৰি তদন্ত অব্যাহত ৰাখিছে।