গুৱাহাটী,ছৰফৰাজ খানঃ গুৱাহাটীত উপস্থিত হ’ল প্ৰাক্তন কংগ্ৰেছ সভাপতি তথা বৰ্তমানৰ তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুন বৰা। শেহতীয়া ভাবে অনুষ্ঠিত হোৱা ৰাজ্যসভা নিৰ্বাচনত পৰাস্ত হৈ কিছুদিন পূৰ্বে তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল ৰিপুন বৰাই। তৃণমুল কংগ্ৰেছত যোগদান কৰি অসম প্ৰদেশৰ সভাপতি ৰূপে নিযুক্ত হোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীত উপস্থিত হয় ৰিপুন বৰা। বিমানবন্দৰতে ৰিপুন বৰাক উষ্ম আদৰণী জনাই তৃণমুল কংগ্ৰেছৰ নেতা-কৰ্মীয়ে। ৫ শতাধিক মানুহে বৰঝাৰ বিমানবন্দৰত আদৰণী জনাই ৰিপুন বৰাক । বিহু নৃত্য,ঝুমুৰ নৃত্য,বেণ্ড পাৰ্টীৰে আদৰণী জনাই ৰিপুন বৰাক ।

লগতে পঢ়কঃবৃহস্পতিবাৰে অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোডী

বিমানবন্দৰত উপস্থিত হৈ অসমত বিজেপি বিৰোধীৰ ভূমিকা গ্ৰহণ কৰি অসম তৃণমুল কংগ্ৰেছ হিচাপে পৰিচিত হ’ব বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে। কংগ্ৰেছ দল সম্পৰ্কত সোধা প্ৰশ্নত তেওঁ এতিয়া কথাচৰ্চা নকৰো বুলি মন্তব্য কৰে। যোৱাকালি গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত এখনো আসন নোপোৱাত কেৱল অসমেই নহয় সমগ্ৰ ভাৰততে কংগ্ৰেছৰ অৱক্ষয় হৈছে বুলি মন্তব্য কৰে। আনহাতে বিমানবন্দৰৰ পৰাই প্ৰায় ১ কিমি পথ পদযাত্ৰা কৰে ৰিপুন বৰাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply