গুৱাহাটীঃ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ডকাইতিকাণ্ড। দিন দুপৰতে এজন লোকৰ পৰা কাঢ়ি নিলে নগদ ডেৰ লাখ টকা।
জানিব পৰা মতে, মহানগৰীৰ সাতগাঁৱৰ ধীৰেণ বৰুৱা নামৰ লোকজনে নাৰেংগীস্থিত বোন্দা UCO বেংকৰ পৰা টকা উলিয়াই মেজিকত নিজ গৃহ অভিমুখে গৈ আছিল। লোকজনে গাড়ীৰ পৰা নমাৰ সময়তে পালচাৰ বাইকেৰে অহা দুই দুৰ্বৃত্তই টকাৰ বেগটো কাঢ়ি পলায়ন কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বৰ্তমানলৈকে দুই দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। ধীৰেণ বৰুৱা অৱসৰপ্ৰাপ্ত ভাৰতীয় তেল নিগমৰ বিষয়া আছিল।