গুৱাহাটীঃ মহানগৰীৰ পল্টন বজাৰৰ কিৰণশ্ৰী ৰেচিডেন্সিত দিন দুপৰতে ডকাইটি কাণ্ড।
অট্টালিকাটোৰ চাৰি মহলাত থকা গৌতম চাজেৰ, সঞ্জু চাজেৰ,বিমলা চাজেৰ বাসগৃহত চাৰি দুৰ্বৃত্তই অস্ত্ৰ দেখুৱাই লুটি নিলে ধন-সোণ।
সোমবাৰে দিনৰ প্ৰায় ১২.৩০ বজাত সংঘটিত হয় এই ঘটনা।
সেই সময়ত বাসগৃহটোত আছিল কেৱল দুগৰাকী মহিলা আৰু তেওঁলোকৰ সন্তান।
দুৰ্বৃত্বই চোকা অস্ত্ৰ দেখুৱাই মহিলাকেইগৰাকীৰ পৰা লৈ যায় পিন্ধি থকা সোণৰ অলংকাৰ।