গুৱাহাটীঃ ভগ্নীক ঘৰলৈ ঘূৰি অহাৰ আহ্বান জনাইছে আলফা (স্বাধীন)ত যোগদান কৰা সৰস্বতী দাসৰ ভাতৃয়ে।
মঙলবাৰে আবেলিৰ ভাগত ডিব্ৰুগড়লৈ যাওঁ বুলি ঘৰৰ ওচৰৰ এগৰাকী মহিলাক জানিবলৈ দি ঘৰৰ পৰা ওলাই গৈছিল সৰস্বতী দাস। ভাতৃ ভাস্কৰজ্যোতি দাসে মঙলবাৰে সৰস্বতী দাসক ফোন কৰিছিল যদিও সৰস্বতীয়ে দাসে ভাস্কৰজ্যোতি দাসৰ ফোন ধৰা নাছিল।
লগতে পঢ়কঃআলফা স্বাধীনত যোগদানৰ সন্দেহ গুৱাহাটীৰ দুই যুৱতীৰ
পৰৱৰ্তী সময়ত সৰস্বতী দাসে ভাস্কৰজ্যোতি দাসক মেছেজ কৰি পিছদিনা ঘূৰি আহিব বুলি জানিবলৈ দিছিল। সৰস্বতী দাসৰ পৰিয়ালৰ লোকে বর্তমানেও সৰস্বতী দাসৰ লগত যোগাযোগ কৰাৰ চেষ্টা চলাই আছে যদিও সৰস্বতী দাসৰ ফোন বন্ধ হৈ আছে। বৰ্তমানলৈকে সৰস্বতী দাস আলফা (স্বাধীন)লৈ যোৱাটো স্পষ্ট হোৱা নাই বুলিও ভাস্কৰজ্যোতি দাসে উল্লেখ কৰি ভগ্নীক ঘৰলৈ ঘূৰি অহাৰ আহ্বান জনাইছে ভাস্কৰজ্যোতিয়ে।