নিউজ ডেস্কঃ আজি বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতী পূজা। ৰাজ্যজুৰি সৰস্বতী পূজাকলৈ উখল মাখল পৰিৱেশ।  

বিদ্যালয়ৰ-মহাবিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰী সকলে সৰস্বতী পূজাৰ  ব্যাপক আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। 

ক’ভিডসৃষ্ট পৰিৱেশ আৰু সেমেকা বতৰৰ বাবে সৰস্বতী পূজাৰ আনন্দ কিছু হ্ৰাস পাইছে যদিও ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰী সকলে সৰস্বতী মাক পূজা আগবঢ়াই আশীষ লৈছে। 

লগতে পঢ়কঃমাদ্ৰাছা বন্ধৰ চৰকাৰী সিদ্ধান্তক উচ্চ ন্যায়ালয়ে মাৰিলে চূড়ান্ত মোহৰ

মহানগৰী গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠান সমূহৰ লগতে বহু ৰাজহুৱা স্থানত সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে। বতৰে বিধি পথালি দিছে যদিও পুৱাৰ ভাগত ৰ’দ ওলাই অহাত শিক্ষাৰ্থী সকলৰ মুখত হাঁহি দেখিবলৈ পোৱা গৈছে। 

এফালে ক’ভিড মহামাৰী আনফালে বৰষুণৰ ফলত এইবাৰ সৰস্বতী পূজাৰ আনন্দ কিছু ম্নান পৰিছে। ইয়াৰ মাজতো শিক্ষানুষ্ঠান সমূহত ক’ভিড নীতি নিৰ্দশনা মানি সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply