গুৱাহাটীঃ দগাঁও শ্ৰী শ্ৰী বালিভূঁই বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰ তৰুণ চন্দ্ৰ দেৱ গোস্বামীৰ দেহাৱসান। বুধবাৰে পুৱা ১০ বাজি ৩০ মিনিটত গুৱাহাটীৰ নিজ বাস ভৱনত মৃত্যু হয় সত্ৰাধিকাৰগৰাকীৰ৷ সত্ৰাধিকাৰৰ উপৰিও তেওঁ আছিল সমাজসেৱক, শিক্ষাবিদ, নগাঁও জিলাৰ সত্ৰ মহাসভাৰ বৰ্তমানৰ উপদেষ্টা তথা অসম সত্ৰ মহাসভাৰ আজীৱন সদস্য।

লগতে পঢ়কঃচৰাইদেউ বৰহাটৰ টিট্ লাগড় হাইস্কুলত কম্পিউটাৰ শ্ৰেণী কক্ষৰ শুভ উদ্বোধন

তৰুণ চন্দ্ৰ দেৱ গোস্বামীয়ে নাট,ভাওনা আদিত বায়নৰ মুখ্য ভূমিকা পালন কৰিও সকলোৰে পৰা সমাদৰ লাভ কৰিছিল৷ তেওঁ ভক্ত বৈষ্ণৱ সকলক খোলৰ প্ৰশিক্ষণো দিছিল৷ ইয়াৰোপৰি সত্ৰৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ জৰিয়তে বহুতো ভইয়াৰ উপৰিও সত্ৰৰ চাৰি প্ৰসঙ্গ নাম ৰাখিছিল। তেখেতে জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিন্দী শিক্ষক হিচাপে সুদীৰ্ঘ ৩৮ বছৰ শিক্ষকতাও কৰিছিল। সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply