গুৱাহাটীঃ মহানগৰীৰ এছ বি দেওৰা মহাবিদ্যালয়ৰ ছাত্ৰী সন্ধানহীন। ৩০এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে পাৰবীন আহমেদ নামৰ ২০ বছৰীয়া ছাত্ৰী গৰাকী। পাৰবীন মহানগৰীৰ লাখটকীয়াৰ বাসিন্দা। ৩০এপ্ৰিলৰ দিনা কলেজলৈ ওলাই আহি পুনৰ ঘৰলৈ উভতি যোৱা নাই পাৰবীন। আনকি পাৰবীনৰ ম’বাইল ফোনো বন্ধ হৈ আছে বুলি মাতৃয়ে অৱগত কৰিছে। পৰিয়ালৰ লোকে পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত পাৰবীনক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই। মেধাবী পাৰবীন স্নাতক মহলাৰ কলা শাখাৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী আছিল।
৩০ এপ্ৰিলৰ দিনা পাৰবীন কলেজলৈ ওলাই যোৱাৰ পিছত দুপৰীয়া প্ৰায় ১২-১২.৩০ বজাত মাকৰ সৈতে ফোনত কথা-বাৰ্তাও হৈছিল। ইয়াৰ পিছতে তাইৰ ফোনৰ সংযোগ বিচ্ছিন্ন হৈছিল। সন্ধানহীন পাৰবীনক অতি শীঘ্ৰে বিচাৰিবলৈ আৰক্ষীৰ সহায় বিচাৰিছে পিতৃ-মাতৃয়ে।
লগতে পঢ়কঃধর্ষণৰ গোচৰ ৰুজু কৰিবলৈ যোৱা কিশোৰীক আৰক্ষীয়ে কৰিলে ধর্ষণ