গুৱাহাটীঃ মহানগৰীত পুনৰ মহিলাক ধৰ্ষণৰ চেষ্টা। অভিযোগ অনুসৰি যোৱা ২০ জুলাইত গুৱাহাটীৰ বাঘৰবৰীৰ এটা অট্টালিকাত দুজন লম্পতে এগৰাকী মহিলাক যৌন নিৰ্যাতনৰ চেষ্টা চলোৱা অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত সাতগাঁও থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত এজন অভিযুক্তক আটক কৰিছে যদিও আনজন বৰ্তমানো পলাতক অৱস্থাত আছে। ভুক্তভোগী মহিলা গৰাকীৰ স্বামীয়ে অভিযোগ কৰা অনুসৰি, একেটা অট্টালিকাত ওচৰা ওচৰিকৈ ভাৰাঘৰত এটা কোঠাত আছিল তেওঁৰ পৰিয়াল। আনহাতে ওচৰৰ আন এটা কোঠাত আছিল অভিযুক্ত লোক দুজন। ঘটনাৰ দিনাখন অৰ্থাৎ ২০ জুলাইৰ সন্ধিয়া ভাগত তেওঁৰ পত্নীয়ে চাদৰ পৰা কাপোৰ আনিবলৈ যাওঁতে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি যুৱক দুজনে আগচি ধৰি বলপূৰ্বক ভাবে যৌন নিৰ্যাতনৰ চেষ্টা চলায়। তেওঁৰ পত্নীয়ে যুৱক দুজনৰ এই কাৰ্যৰ বাধা প্ৰদান কৰাত যুৱক দুজনে মহিলাগৰাকীক পেটত গোৰ সোধোই। তেনে অৱস্থাৰ মাজতে পত্নীয়ে কোনোমতে যুৱক দুজনৰ কবলৰ পৰা মুক্ত হৈ আহিবলৈ সক্ষম হয়। মহিলাগৰাকীৰ স্বামীয়ে জনোৱা মতে তেওঁৰ পত্নী ডেৰ মাহৰ অন্তঃসত্তা আছিল।
পিছে মহিলাগৰাকী অন্তঃসত্তাৰ সন্দৰ্ভত পোনচাটেই অস্বীকাৰ কৰিছে আৰক্ষীয়ে। সাতগাওঁ আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনজিত কুমাৰ বুঢ়াগোহাইয়ে ইষ্টম’জ’ক জনাই যে মহিলাগৰাকী অন্তঃসত্তা নাছিল। স্বাস্থ্য পৰীক্ষাত মহিলাগৰাকীৰ ৰিপৰ্ট নিগেটিভ আহিছে বুলি আৰক্ষীয়ে জনাইছে। ঘটনা সন্দৰ্ভত সাতগাঁও আৰক্ষীয়ে এটা গোচৰ ৰজু কৰি ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।