গুৱাহাটীঃ অসমৰ নিবনুৱা সকলৰ বাবে ভাল খবৰ। অতি কম টকা বিনিয়োগ কৰি অসমৰ নিবনুৱাই আৰম্ভ কৰিব পাৰিব নিজৰ ব্যৱসায়। প্ৰথম বাৰৰ বাবে অসমৰ নিবনুৱা সকলে বহিঃৰাজ্যৰ পৰিৱৰ্তে অসমতে লাভ কৰিব এল ই ডি লাইট বনোৱাৰ সকলো সামগ্ৰী।

মহানগৰীৰ গণেশগুৰিত উদ্বোধন কৰা হয় উত্তৰ-পূবৰ প্ৰথমখন এল ই ডি লাইট বনোৱাৰ সামগ্ৰীৰ বিপনী। অসমীয়া ছবি জগতৰ জনপ্রিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই উদ্বোধন কৰে এই বিপনীখনৰ।

ইমান দিনে অসমত এল ই ডি লাইটৰ ব্যৱসায় কৰা সকলে বহিঃৰাজ্যৰ পৰা সামগ্ৰী কিনি আনি এল ই ডি লাইট বনাই বিক্ৰী কৰি আছিল। কিন্তু এতিয়া অসমতে উপলব্ধ হ’ব এল ই ডি লাইট বনোৱা সামগ্ৰী।

লগতে পঢ়কঃগোৱালপাৰাত জব্দ গৰু ভৰ্তি দুখন বাহন

বহিঃৰাজ্যৰ পৰা সামগ্ৰী ক্ৰয় কৰি এল ই ডি লাইট তৈয়াৰ কৰি বিক্ৰী কৰাৰ ফলত এই ব্যৱসায়ৰ লগত জড়িত লোক সকলে অধিক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল কিন্তু এতিয়া কম খৰচতে সামগ্ৰী ক্ৰয় কৰি অধিল লাভ কৰিবলৈ সক্ষম হ’ব।

গণেশগুৰিত উদ্বোধন কৰা হিন্দুস্তান এল ই ডি নামৰ এই বিপনীখনে নিবনুৱা যুৱক-যুৱতী সকলক এল ই ডি লাইট তৈয়াৰ কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰিব। লগতে তেওঁলোকে তৈয়াৰ কৰা এল ই ডি লাইট বিক্ৰীৰ বাবে বজাৰখনো হিন্দুস্তান এল ই ডি নামৰ বিপনীখনে প্ৰদান কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply