গুৱাহাটীঃ গুৱাহাটী ক্ৰীড়া সন্থাৰ ২০২২-২৩ বৰ্ষৰ বি আৰু চি ডিভিজন ফুটবল লীগত শুকুৰবাৰে জয় সাব্যস্ত কৰিছে জুৱেল ষ্টাৰ ক্লাব, ইয়ং এমেচাৰ ক্লাব, নৰ্থ ইষ্ট ইউনাইটেড এফচি আৰু উদয়ন কৃষ্টি সংঘই ৷ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত বি ডিভিজনৰ দুখন খেলত জুৱেল ষ্টাৰ ক্লাবে ৰিভাৰ ৰাইন ক্লাবক ৩-০ গ’লত পৰাস্ত কৰে৷

আনখন খেলত ইয়ং এমেচাৰ ক্লাবে ষ্টাৰ স্প’ৰ্টিং ক্লাবক ৩-০ গ’লত পৰাস্ত কৰে ৷ ইয়ং এমেচাৰৰ হৈ ছেংটো মাৰাকে দুগ’ল দিয়ে ৷ আনহাতে চি ডিভিজনৰ এখন খেলত নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে চান্দমাৰী এছচিক ৮-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে ৷ নৰ্থ ইষ্টৰ আলফ্ৰেডে হেটট্ৰিক অৰ্জন কৰে ৷ আনখন খেলত উদয়ন কৃষ্টি সংঘই লেজেণ্ড্‌ছ স্প’ৰ্টিং ক্লাবক ৪-০ গ’লত পৰাস্ত কৰে ৷ উদয়নৰ সঞ্জয় বড়োৱে দুগ’ল দিয়ে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply