গুৱাহাটীঃ মহানগৰীত পুনৰ অঘটন। নাৰেংগী বিদ্যমন্দিৰ স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু।
বিদ্যালয়ৰ প্রাতঃসভা সমাপ্ত কৰি শ্ৰেণী কোঠাত বহি থকা সময়তে হঠাৎ অচেতন হৈ ঢলি পৰিছিল ছাত্ৰী গৰাকী।
ছাত্ৰীগৰাকীক লগে লগে প্ৰতীক্ষা হস্পিতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৃত ছাত্ৰী গৰাকী মহানগৰীৰ গীতামন্দিৰৰ তৃষা কলিতা।
কি পৰিস্থিতিত ছাত্ৰীগৰাকীৰ মৃত্যু ঘটিল সেইয়া মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে জানিব পৰা যাব।
মহানগৰীত অঘটন: বিদ্যালয়তে মৃত্যু ছাত্ৰীৰ
মৃত ছাত্ৰী গৰাকী মহানগৰীৰ গীতামন্দিৰৰ তৃষা কলিতা
