গুৱাহাটীঃ মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। আৰক্ষীয়ে বলপূৰ্বক ফাইন বিচৰাৰ বাবেই যুৱকৰ আত্মহত্যা। মহানগৰীৰ ধীৰেনপাৰাত সংঘটিত হৈছে এই ঘটনা।

ধীৰেণপাৰাৰ জ্যোতিপথৰ বাসিন্দা আছিল নুৰ আলী ওৰফে মৃদুল আলী ৷

অনুজ্ঞাপত্ৰ নোহোৱাৰ বাবে নুৰ আলীৰ পৰা ১৫০০০ টকাৰ ফাইন কটাৰ অভিযোগ উত্থাপন হৈছে ভৰলুমুখ আৰক্ষীৰ বিৰুদ্ধে।

মৃত নুৰ আলীৰ ‘Learner’ লাইচেন্স আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

নুৰ আলীয়ে ৫০০ টকা দিছিল যদিও মানি লোৱা নাছিল ভৰলুমুখ আৰক্ষীয়ে ৷

ইয়াৰ বিপৰীতে বাইকখন জব্দ কৰি ফাইন নিদিলে ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিছিল আৰক্ষীয়ে।

লগতে পঢ়কঃক্ষেত্ৰীৰ বৰটাৰীত গৰু চোৰৰ উপদ্ৰৱ

অৱশেষত মানসিকভাৱে হতাশগ্ৰস্ত হৈ দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে ঘৰলৈ আহি চিপ লৈ আত্মহত্যা কৰে।

ইফালে নুৰ আলীৰ সৈতে একেলগে বাইকত অহা ৰাহুল আলী ঘটনাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ আছে।

২১ বছৰীয়া যুৱকজনৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ অঞ্চলবাসী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,483 other subscribers

Leave a comment

Leave a Reply Cancel reply