গুৱাহাটীঃ ন্যায় বিচাৰি চৰকাৰক অনুৰোধ জনালে শিক্ষকসকলে। কেন্দ্ৰীয় চৰকাৰৰ এখন জাননীৰ আধাৰত ভাৰতত যিমান প্ৰশিক্ষিত চৰকাৰী-বেচৰকাৰী কৰ্মৰত শিক্ষক আছে, সেই সকলো শিক্ষকক প্ৰশিক্ষিত কৰিব লাগে বুলি ডি.এল.এড আৰু কেন্দ্ৰীয় পৰ্যায়ত NIOS আৰু অসমত ৰাজ্যিক পৰ্যায়ত SCERT ডি.এল.এড কৰালে। ইয়াৰ বাবে প্ৰয়োজন আছিল উচ্চতৰ মাধ্যামিকত ৫০% নতুবা স্নাতক। স্নাতক হ’লে উচ্চতৰ মাধ্যামিকত ৫০% ৰ প্ৰয়োজন নাই (According to NCTE Guidelines)।
NIOS ৰ website ত একেটা কথাই উল্লেখ আছিল। প্ৰথম অৱস্থাত ২০১৭ চনত এডমিছন লোৱাৰ সময়ত উচ্চতৰ মাধ্যামিকত ৫০% আনিলেহে শিক্ষকসকলক ডি.এল.এডৰ প্ৰমাণ পত্ৰ খিনি দিব, কিন্তু তেতিয়া এইকথা স্পষ্ট কৰা নাছিল যে ২০১৯ এপ্ৰিল মাহৰ ভিতৰত ৫০% মানে HS improvement কৰিব লাগিব বুলি।
লগতে পঢ়কঃ৬মাৰ্চত ৰাজ্যত পৌৰসভা নিৰ্বাচন, ৯ মাৰ্চত ভোট গণনা
গোটেই ভাৰতত ১ লক্ষ ৮০ হেজাৰ শিক্ষক আছে। এতিয়া প্ৰথম অৱস্থাত উল্লেখ কৰা মতে NIOS আৰু SCERT য়ে ডি.এল.এড কৰালে , SCERT এ কিন্তু সকলোকে চাৰ্টিফিকেট ইতিমধ্যে প্ৰদান কৰিলে, আমাৰ লগত কিয় এই প্ৰতাৰণা হৈ আছে বুলি প্ৰশ্ন কৰে এই সকল শিক্ষকে। এতিয়া আমাক ন্যায় লাগে বুলি এক সংবাদমেলযোগে চৰকাৰক অনুৰোধ জনাইছে এই সকল শিক্ষকে।
এই শিক্ষক সকলৰ অভিযোগ যেতিয়া তেওঁলোক NIOS অফিচত যায় তেওঁলোকক জনোৱা হয় যে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ নিৰ্দেশ দিয়া নাই। দুবাৰকৈ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুক স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো এই সন্দৰ্ভত কোনো গুৰুত্ব আৰোপ কৰা নাই বুলি শিক্ষকসকলে উল্লেখ কৰে। উপায়ন্তৰ হৈ এতিয়া এই শিক্ষক সকলে ন্যায় বিচাৰি মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।