গুৱাহাটীঃ ২০১৭ বর্ষৰ ৮ চেপ্টেম্বৰ তাৰিখে তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেতিয়াৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শিক্ষাখণ্ডত শিক্ষা সবলীকৰণৰ আঁচনিৰ অধীনত ষ্টেট পুল বুলি শিক্ষক নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত প্ৰায় ১২ হাজাৰ শিক্ষকক ফিক্স পে’ত নিযুক্তি দিছিল।

২০২০ বর্ষৰ মে’ মাহত কেবিনেট মিটিঙত ষ্টেট পুল শিক্ষকসকলক ৬০ বছৰলৈ চাকৰিৰ নিৰাপত্তা প্ৰদান কৰি প্ৰায় নিয়মীয়া শিক্ষকৰ আওঁতালৈ আনি সকলো সা-সুবিধা প্ৰদান কৰিছিল।

এই ষ্টেট পুল শিক্ষক সকল ৰাজ্যৰ ২৬ খন জিলাৰ বিভিন্ন দুৰ্গম অঞ্চলত নিয়োজিত হৈ আছে যদিও এই শিক্ষক সকলৰ আছে বিভিন্ন সমস্যা।

আজি ষ্টেট পুল শিক্ষক সন্থাই এক সংবাদমেল যোগে তেওঁলোকৰ সমস্যা সমূহ সমাধান কৰাৰ বাবে চৰকাৰক আহ্বান জনায়।

লগতে পঢ়কঃনিবনুৱা যুৱক-যুৱতীক চাকৰি প্ৰদান কৰিম বুলি কৈ বিজেপিয়ে মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে: লুৰিণজ্যোতি গগৈ

ষ্টেট পুল শিক্ষক কৰ্মৰত অৱস্থাত মৃত্যু হোৱা সকলো শিখকক নিয়মীয়া শিক্ষকৰ দৰে অৱসৰৰ সময়লৈ পৰিয়ালৰ নিকটতম সদস্যক দৰমহাকে আদি কৰি সকলো সা-সুবিধা প্ৰদান কৰিছে।

ষ্টেট পুল শিক্ষক সকলক চাৰ্ভিচ বুক প্ৰদান কৰা। চি পি এফৰ পৰিবৰ্তে এন পি এছ ব্যৱস্থা কৰা। মেডিকেল ৰিম্বাৰ্চমেন্ট ৫ লাখ টকা অতি সোনকালে মুকলাই দিয়া।

ষ্টেট পুল শিক্ষক সকলক ৰাজ্যিক আঁচনিৰ স্বাস্থ্য বীমাৰ আওঁতালৈ অনা। ৰাজ্যিক আঁচনিৰ অধীনত ষ্টেট পুল শিক্ষক সকলক ‘আপোন ঘৰ’ গৃহ লোণ আঁচনি প্ৰদান কৰা। প্ৰসূতিক শিক্ষয়িত্ৰী সকলক ছুটী সময়ত নিয়মিতভাৱে দৰমহা মুকলাই দিয়াৰ দাবী জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply