গুৱাহাটীঃ সূৰ্যদেৱতাৰ প্ৰকোপত দহিছে সমগ্ৰ ৰাজ্য। গৰমৰ উত্তাপে জ্বলাকলা খুৱাইছে ৰাইজক।
আজিৰ দিনটোত গুৱাহাটীত তাপমাত্ৰা সৰ্ব্বোচ্চ ৩৬ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ডিগ্ৰী চেলছিয়াছ।
ঠিক একেদৰেই দেওবাৰৰ দিনটোতো গুৱাহাটীত তাপমাত্ৰাৰ সৰ্বোচ্চ পৰিমাণ হয় ৩৬ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্ৰী চেলছিয়াছ।
ৰ’দৰ প্ৰকোপত বাহিৰলৈ ওলাবলৈ এশবাৰ চিন্তা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কোনোৱে যদি ডাবৰ পানী খাই দেহ শীতল কৰিছে আন কোনোৱে ক’লা ছাতি লৈ ৰ’দৰ পৰিত্ৰাণ পোৱাৰ প্ৰয়াস কৰিছে।
এই তাপমাত্ৰা চাৰিদিনলৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে।
গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা তথ্য অনুসৰি অসম আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ পৰা মৌচুমীয়ে ৰাজস্থানৰ জয়ছালমেৰৰ দিশে গতি কৰিছে । ফলত পূব ৰাজস্থান আৰু ইয়াৰ কাষৰীয়া অঞ্চলত নিম্ন চাপৰ প্ৰভাৱ পৰিছে ।অসমত তাপমাত্ৰা সৰ্বোচ্চ পৰিমাণ ৩৭ ডিগ্ৰী ছেলছিয়াছৰ অধিক হোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়কঃবিশ্বনাথত ব্ৰহ্মপুত্ৰত এটি বেগ উদ্ধাৰ
পিছে অহা ১৪ ছেপ্টেম্বৰৰ পৰা হৈ তাপমাত্ৰাৰ পৰিমাণ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে । মৌচুমীৰ বিদায় আৰু শীতৰ আগমনৰ মাজৰ চলিত সময়ছোৱাত বতৰৰ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত উত্তাপৰ মাত্ৰা অব্যাহত থাকিব বুলিও কেন্দ্ৰটোৱে সদৰী কৰে ।